বৃহস্পতিৰ উপগ্ৰহত জলীয় বাষ্প!

0
712
জ্যোতিৰ্বিদসকলে বৃহস্পতিৰ উপগ্ৰহ গেনিমেডৰ গেছীয় পৰিৱেশত পানীৰ বাষ্প থকাৰ প্ৰথম প্ৰমাণ লাভ কৰিছে৷ উল্লেখ্য যে গেনিমেড হৈছে সৌৰজগতৰ বৃহত্তম উপগ্ৰহ৷ জ্যোতিৰ্বিদসকলে বিশ্বাস কৰিছে যে গেনিমেডে পৃথিৱীৰ সকলো সাগৰতকৈ বেছি পানী ধাৰণ কৰিব পাৰে৷ কিন্তু তাত জুলীয়া অৱস্থাত পোৱাটো কঠিন৷ তাত উষ্ণতা ইমান শীতল যে পৃষ্ঠত থকা সকলো পানী বৰফ হৈ যায় আৰু সাগৰ সেই তৰপৰ ১৬০ কিল’মিটাৰ তলত থাকে৷ তথাপি বিজ্ঞানীসকলে ভাবে যে পানীৰ সন্ধান পোৱাটো গুৰুত্বপূৰ্ণ প্ৰথম পদক্ষেপ৷ ইয়াৰ পাছত জানিব পৰা যাব তাত জীৱ জীয়াই থাকিব পাৰেনে নোৱাৰে৷ এই গৱেষণা চলিছিল ১৯৯৮ চনত হাবল টেলিস্ক’পে লোৱা গেনিমেডৰ প্ৰথম আল্ট্ৰাভায়লেট ছবিৰ ভিত্তিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here