বিৰল মহাজাগতিক ঘটনা : আকাশত শাৰী পাতিছে পাঁচটা গ্ৰহে

0
380

আকাশত পাঁচটা গ্ৰহ শাৰীবদ্ধ হৈছে৷ এইটো এটা বিৰল সৰগীয় ঘটনা৷ একেটা ৰাশিত বুধ, শুক্ৰ, মঙল, বৃহস্পতি আৰু শনি গ্ৰহৰ এই সংৰচনা বা সংযুক্তি হ’ব গ্ৰহ পাঁচটা পৃথিৱীৰ পৰা দেখাৰ এটা অনন্য সুযোগ৷ এই গ্ৰহ পাঁচটাক ২০৪০ চনতহে পুনৰ একে শাৰীত দেখিবলৈ পোৱা যাব৷ যিহেতু গ্ৰহবোৰে সূৰ্যক প্ৰদক্ষিণ কৰে, সেয়ে এই আটাইকেইটা গ্ৰহ পৃথিৱীৰ ওপৰত আকাশত এটাৰ পাছত আনটোৱে শাৰী পতা যেন দেখা যাব৷ 
অৱশ্যে প্ৰতিটো গ্ৰহ পৰস্পৰৰ পৰা শ শ কোটি কিল’মিটাৰ দূৰত থাকিব আৰু নিজ নিজ কক্ষপথত সূৰ্যক প্ৰদক্ষিণ কৰি থাকিব৷ নিশাৰ আকাশত গ্ৰহকেইটাক দেখিবলৈ পোৱা যাব আৰু আটাইতকৈ ভালকৈ দৃশ্যমান হ’ব সূৰ্যোদয়ৰ আগে আগে আৰু সূৰ্যোদয়ৰ পাছত৷ উত্তৰ গোলাৰ্ধৰ বাসিন্দাসকলে সূৰ্যোদয়ৰ ৪৫ মিনিটৰ পৰা ৯০ মিনিটৰ আগতে এই দৃশ্য ভালকৈ দেখিবলৈ পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here