বিৰল ঘটনা ! এঘাৰ মহীয়া শিশুৰ পেটত ওলাল ভ্ৰূণ : ক’ত?

0
153


চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক বিৰল ঘটনা ডিব্ৰুগড়ত পোহৰলৈ আহে৷ এটা এঘাৰ মহীয়া ল’ৰাৰ দেহৰ ভিতৰত ওলাল ভ্ৰূণ৷ উল্লেখ্য যে অৰুণাচলৰ এক দম্পতীয়ে নিজৰ এঘাৰ মহীয়া শিশুৰ পেটৰ অংশ বৃহৎ আকাৰত ফুলি উঠাক লৈ চিন্তিত হৈ পৰি ডিব্ৰুগড়ৰ অপেক্ষা নাৰ্ছিং হোমত ভৰ্তি কৰোৱায়৷ ইয়াৰ পাছতে চিকিৎসকৰ দলে শিশুটিৰ পেটৰ অংশ পৰীক্ষা কৰাত শিশুটিৰ পেটত ২.৫ কিল’গ্ৰামৰ এটা ভ্ৰূণ অৱিষ্কাৰ কৰে৷ যাক লৈ চিকিৎসা বিজ্ঞানৰ আন এক বিৰল ঘটনাৰ সাক্ষী হৈ পৰে চিকিৎসকৰ দলটো৷ চিকিৎসা শাস্ত্ৰ মতে ফিটাছ ইন ফিটো [Foetus in Foetu] বুলি জনা এই বিৰল ঘটনাত ভ্ৰূণৰ ক্ৰমান্বয়ে বিকাশ হৈ হাত, ভৰি, স্পাইনেল কৰ্ড ইত্যাদি গঠন হৈছিল৷ আজি সন্ধিয়া পেডিয়াট্ৰিক চাৰ্জন ডাঃ হেমন্ত কুমাৰ দত্তৰ নেতৃত্বত ৬জনীয়া চিকিৎসকৰ দলে এঘাৰ মহীয়া শিশুটিৰ এক জটিল অস্ত্ৰোপচাৰ কৰি পেটৰ পৰা সেই ভ্ৰূণ পৃথক কৰে৷ এই অস্ত্ৰোপচাৰ যথেষ্ট জটিল আছিল বুলি চিকিৎসক ডাঃ দত্তই স্বীকাৰ কৰি কয় যে শিশুটিৰ দেহৰ গুৰুত্বপূৰ্ণ অংগ বৃক্কৰ নিচেই কাষতেই এই ভ্ৰূণটো বৃদ্ধি হৈ আহিছিল৷ আনহাতে এঘাৰ মহীয়া শিশুটিক অস্ত্ৰোপচাৰৰ পূৰ্বে সজ্ঞাহীন কৰা প্ৰক্ৰিয়াও যথেষ্ট প্ৰত্যাহবানমূলক আছিল বুলি জনায়৷ অৱশেষত কেইবাঘণ্টাজোৰা অস্ত্ৰোপচাৰৰ পাছত অৱশেষত চিকিৎসকে সফলভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰে৷ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন কৰাত ডাঃ দত্তক সহায় কৰা আন চিকিৎসককেইগৰাকী আছিল ডাঃ অৰ্পিতা বৰগোহাঁই [শিশু ৰোগ বিশেষজ্ঞ], ডাঃ অশোক আগৰৱালা [স্ত্ৰী আৰু প্ৰসূতি বিশেষজ্ঞ], ডাঃ অভিনৱ পোদ্দাৰ [এনাছথি¸য়লজিষ্ট], ডাঃ মেঘা পি ভি [এনাছথেছিষ্ট কাম ইণ্টেনচিভিষ্ট], ডাঃ লক্ষীমিলি [ৰেডিয়ল’জিষ্ট]৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here