বিস্ফোৰক তথ্য! মহাকাশচাৰীৰ মস্তিষ্কৰ আকাৰ সলনি হয়!

0
609

শেহতীয়াভাৱে ইউৰোপীয়ান মহাকাশ গৱেষণা সংস্থা আৰু ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে কৰা এক অধ্যয়নত এক ভয়াৱহ আৰু শিহৰণকাৰী তথ্য প্ৰকাশ পাইছে৷ বিজ্ঞানীসকলে গৱেষণাত প্ৰকাশ কৰা তথ্য মতে মহাকাশত দীৰ্ঘদিন ধৰি থাকিলে মহাকাশচাৰীৰ মস্তিষ্ক পূৰ্বৰ দৰ নাথাকে৷ মস্তিষ্কৰ বিভিন্ন অংশৰ আকাৰ আৰু ইয়াৰ কাম-কাজৰ তাৰতম্য ঘটে৷ ইয়াৰ উপৰি পৃথিৱীলৈ উভতি অহাৰ পাছত মহাকাশচাৰীসকল বিভিন্নধৰণৰ স্নায়ৱিক ৰোগৰ চিকাৰ হয়৷ আনকি এনে সমস্যাই ভয়ানক ৰূপ লৈ মৃত্যুপৰ্যন্ত থাকি যায়৷ আন্তৰ্জাতিক গৱেষণা পত্ৰিকা ‘ফ্ৰণ্টিয়াৰ্ছ ইন নিউৰাল চাৰ্কিটছ’ত উক্ত গৱেষণা পত্ৰখন প্ৰকাশিত হৈছে৷ বিভিন্ন গৱেষণাত দেখিবলৈ পোৱা মতে মহাকাশৰ পৰা উভতি অহাৰ পাছত মহাকাশচাৰীসকলৰ মাংসপেশী আৰু হাড়ৰ সমস্যা আৰম্ভ হয়৷ জনা মতে পৃথিৱীলৈ উভতি অহাৰ পাছত মহাকাশচাৰীসকলৰ হাড়ৰ দ্ৰুতভাৱে ক্ষয় প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ইয়াৰ ৰোধ কৰাটো কঠিন হৈ পৰে৷ আনহাতে দীৰ্ঘকাল ধৰি মহাকাশত থকাৰ  ফলত মস্তিষ্ক আৰু ইয়াৰ কাম-কাজ সলনি হ’বলৈ ধৰে৷ উল্লেখ্য যে এই ভয়াৱহ সমস্যাক লৈ এতিয়া মহাকাশচাৰীসকলৰ জীৱনৰ নিৰাপত্তাক লৈ ভাবুকি আহি পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here