বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ স্থান কিমান? What is India’s position in the global hunger index?

0
966
২০২১ চনৰ বিশ্ব খাদ্য নিৰাপত্তা সূচকাংকত ১১৩খন দেশৰ ভিতৰত ভাৰতৰ স্থান ৭১ নম্বৰত আছে, কিন্তু খাদ্য ক্ৰয় ক্ষমতাৰ (ফুড এফৰ্ডেবিলিটি) ফালৰ পৰা দেশখন, চুবুৰীয়া দেশ পাকিস্তান আৰু শ্ৰীলংকাতকৈ পাছত আছে৷ খাদ্য ক্ৰয় ক্ষমতাৰ শ্ৰেণীত ভাৰততকৈ (৫০.২ পইণ্ট) পাকিস্তানৰ স্থান উন্নত (৫২.৬ পইণ্ট) ৷ শ্ৰীলংকাৰ অৱস্থা তাতোতকৈও উন্নত (৬২.৯ পইণ্ট)৷ ‘ইক’নমিষ্ট ইমপেক্ট’ আৰু ‘কৰ্টেভা এগ্ৰিছায়েন্স’-এ মুকলি কৰা ‘গ্ল’বেল ফুড ছিকিউৰিটি (GFS) ইনডেক্স, ২০২১’ত এই কথা প্ৰকাশ কৰা হৈছে৷ বিশ্ব খাদ্য নিৰাপত্তা সূচকাংকত ৭৭.৮১ পৰা ৮০ পইণ্ট লাভ কৰি আয়াৰলেণ্ড, অষ্ট্ৰেলিয়া, ইউ কে, ফিনলেণ্ড, ছুইজাৰলেণ্ড, নেদাৰলেণ্ড, কানাডা, জাপান, ফ্ৰান্স আৰু আমেৰিকা শীৰ্ষ স্থানত আছে৷ উল্লেখ্য যে GFS ইনডেক্স প্ৰস্তুত কৰে লণ্ডন-ভিত্তিক ইক’নমিষ্ট ইমপেক্টে আৰু পৃষ্ঠপোষকতা কৰে কৰ্টেভা এগ্ৰছায়েন্সেজে৷ ক্ৰয় ক্ষমতা, পৰ্যাপ্ততা, মান, সুৰক্ষা, প্ৰাকৃতিক সম্পদ আৰু স্থিতিস্থাপকতা বা প্ৰতিকূল পৰিস্থিতি চম্ভালিব পৰা অৱস্থাৰ ভিত্তিত জি এফ এছ ইনডেক্স প্ৰস্তুত কৰা হয়৷ তালিকাত সামগ্ৰিক স্ক’ৰ ৫৭.২ পইণ্ট লাভ কৰি ভাৰতে ৭১ সংখ্যক স্থান লাভ কৰিছে৷ পাকিস্তানৰ স্থান ৭৫ আৰু শ্ৰীলংকাৰ ৭৭৷ নেপালৰ স্থান ৭৯, বাংলাদেশৰ ৮৪৷ চীনে লাভ কৰে ৩৪সংখ্যক স্থান৷ উল্লেখ্য যে অলপতে প্ৰকাশ পোৱা বিশ্ব ক্ষুধা সূচকাংকতো ১১৬খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১১১ নম্বৰত৷ উল্লিখিত চুবুৰীয়া দেশবোৰৰ স্থান ভাৰততকৈ ওপৰত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here