বিশ্বৰ বৃহত্তম ইগ্‌লু কাফে : ক’ত?

0
1060

জম্মু-কাশ্মীৰৰ গুলমাৰ্গৰ বিখ্যাত স্কি পৰ্যটনৰ ক্ষেত্ৰত থকা এটা ইগ্‌লু কাফেক অৰ্থাৎ বৰফেৰে সজা ঘৰক বিশ্বৰ সবৰ্বৃহৎ ইগ্‌লু কাফে বুলি দাবী কৰা হৈছে আৰু ই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ৩৭.৫ ফুট ওখ আৰু ৪৪.৫ ফুট ব্যাসৰ এই ইগ্‌লুৰ স্ৰষ্টা চৈয়দ ৱাচিম শ্বাহে দাবী কৰে যে এনেধৰণৰ কাফেৰ ভিতৰত বিশ্বৰ ভিতৰত এইটো বৃহত্তম৷ শ্বাহে কয় যে কেইবছৰমান আগতে তেওঁ ছুইজাৰলেণ্ডত এনে ধাৰণাৰ ৰূপ দেখিছিল৷ তাত শোৱাৰ সুবিধাৰ সৈতে এনে হোটেল আছিল৷ তেওঁ ভাবিছিল গুলমাৰ্গত যথেষ্ট বৰফ থাকে, তেন্তে ইয়াত তেনে ধাৰণাৰে আৰম্ভ কিয় নহয়? যোৱা বছৰো তেওঁ ইগ্‌লু কাফে নিৰ্মাণ কৰিছিল আৰু তেওঁ দাবী কৰা মতে সেয়া আছিল এছিয়াৰ ভিতৰত বৃহত্তম৷ এই বছৰ তেওঁ ৩৭.৫ ফুট ওখ আৰু ৪৪,৫ ফুট ব্যাসৰ বিশ্বৰ সৰ্বোচ্চ আৰু সবৰ্বৃহৎ ইগ্‌লু কাফে নিৰ্মাণ কৰে৷ ২৫জন লোকে দিনে-নিশাই কাম কৰি ৬৪ দিনত এই কাফেখন নিৰ্মাণ কৰি উলিয়ায়৷ তেওঁ জনায় যে গীনিজ বুক অব্‌ ৱ’ল্ড ৰেকৰ্ডছৰ মতে বিশ্বৰ বৃহত্তম ইগ্‌লু কাফে আছে ছুইজাৰলেণ্ডত আৰু ইয়াৰ উচ্ছতা হৈছে ৩৩.৮  ফুট  আৰু ব্যাস¸ ৪২.৪ ফুট৷ শ্বাহৰ ইগলু কাফেত ১০খন টেবুল আছে আৰু ইয়াত ৪০জন লোকে খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here