বিশ্বৰ পৰা বিলুপ্তি হ’ব ২৫ বিধ কীট-পতংগ !

0
162

বিশ্বত জলবায়ু পৰিৱৰ্তন ফলত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, বিদ্বেষ, বিভিন্ন মাৰিমৰক, দুৰ্ভিক্ষ, অস্বাস্থ্যকৰ পৰিস্থিতি আদি আহুকালে দেখা দিছে৷ বিভিন্ন মহামাৰীৰ প্ৰকোপত সমগ্ৰ বিশ্বতে ত্ৰস্তমান হৈছে৷ খৰাংসদৃশ পৰিস্থিতি, অনাবৃষ্টি, বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন, অনাহাৰ আদি নানা কাৰকে গা কৰি উঠিছে একমাত্ৰ জলবায়ু পৰিৱৰ্তনৰ ফলত৷ ইয়াৰ দুৰ্ভোগ ভুগিব লগা হৈছে পৃথিৱীবাসীয়ে৷ শেহতীয়াভাৱে এক অধ্যয়নৰ প্ৰকাশ পাইছে যে জলবায়ু পৰিৱৰ্তনৰ ফলত সমগ্ৰ বিশ্বৰ পৰা প্ৰায় ৬৫ শতাংশ কীট-পতংগ নাইকিয়া হৈ যাব৷ অৰ্থাৎ এই বিশ্বব্ৰহ্মাণ্ডৰ পৰা ৬৫ শতাংশ কীট বিলুপ্তিৰ পথত৷ নেচাৰ ক্লাইমেট চেঞ্জ নামৰ পত্ৰিকাখনে কৰা গৱেষণামূলক অধ্যয়নত চলিত শতিকাৰ শেষলৈ বিশ্বৰ ৩৮ বিধ কীট-পতংগৰ ভিতৰত প্ৰায় ২৫ বিধ কীট-পতংগ বিলুপ্তি হৈ যাব৷ গৱেষকসকলে জানিবলৈ দিয়া মতে এইদৰে হোৱা বিলুপ্তিৰ কাৰণ হিচাপে স্থানীয় পৰিৱেশৰ তাপমাত্ৰা আকস্মিকভাৱে সলনি হোৱাৰ ফলতে কীট-পতংগৰ আৱাসস্থলীত কুপ্ৰভাৱ পৰিছে৷  সেয়ে এই আৱাসস্থলী কীট-পতংগৰ বাসোপযোগী হৈ নুঠিব আৰু বিলুপ্তিৰ গৰাহত পৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here