বিশ্বৰ প্ৰথম ঘটনা ! পানীৰ সাহায্যতমহাকাশত ছেটেলাইট স্থাপন

0
224

এক নজিৰবিহীন দৃষ্টান্ত দাঙি ধৰিলে SpaceXএ৷ জানিব পৰা পৰা সংস্থাটোৱে ইয়াৰ ট্ৰেন্সপ’ৰ্টাৰ মিছন মাধ্যমেৰে আমেৰিকাৰ বেচৰকাৰী মহাকাশ কোম্পানী Momentus Inc-এৰ পানীৰ সহায়ত মহাকাশত ছেটেলাইট স্থাপন কৰিবলৈ সক্ষম হয়৷ পানীৰ সাহায্যত স্থাপন কৰা ছেটেলাইটটোৰ নাম হ’ল Vigoride-5৷ এই ছেটেলাইটত উন্নত ধৰণৰ ৱাটাৰ প্লাজমা থ্ৰাষ্টাৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে৷ বেচৰকাৰী সংস্থাৰ কতৃৰ্ত্বত পানীৰ মাধ্যমেৰে মহাকাশত ছেটেলাইটৰ উৰণ সম্পন্ন কৰিবলৈ সক্ষম হোৱা বিশ্বৰে প্ৰথম ঘটনা৷ উল্লেখ্য যে বিগত বছৰত এইধৰণৰ পৰীক্ষা কৰা হৈছিল৷ মূলতঃ নাছাৰ স্পেচএক্সৰ ফেলকন-৯ ৰকেটৰ বাবে VR3X নামৰ এটি কিউবছেট উৎক্ষেপণ কৰা হৈছিল আৰু এইটো আছিল পানীৰ সহায়ত উৰণ প্ৰক্ৰিয়া সক্ষম কৰা উপগ্ৰহ৷ ইয়াৰ লগতে অটোনোমাছ ৰেডিঅ’ নেটৱৰ্কিং তথা নেভিগেশ্যনৰ সহায় কৰাৰ বাবে কিউবছেট প্ৰস্তুত কৰা হৈছিল৷ এই প্ৰসংগতে জনা দৰকাৰ যে যেতিয়া ছেটেলাইটৰ জ্বলন প্ৰক্ৰিয়াৰ কথা কোৱা হয়, প্ৰথমে সেইবোৰৰ পৰা হোৱা ক্ষতিৰো কথা থাকে৷ তাৰ ভিতৰত বিষাক্তৰ পৰিমাণ, দাহ্যতা আদি বিষয়বোৰত নজৰ দিয়া হয়৷
কিউবস্যাটৰ প্ৰপালশ্যন ছিষ্টেমত এইধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল৷ যাৰ ফলত ইয়াৰ ভিতৰত থকা হাইড্ৰজেন আৰু অক্সিজেনৰ কণা ভাঙি সন্মুখৰ দিশে যোৱাৰ শক্তি যোগান ধৰিছিল৷ ইয়াৰ উপৰি কিউবস্যাটৰ ছ’লাৰ পেনেলবোৰ সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি সংগ্ৰহ কৰি প্ৰপালশ্যন ছিষ্টেমলৈ শক্তি পঠিয়ায়, যাতে পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেনৰ কণা পৃথক কৰিব পাৰি৷ সেয়েহে ভৱিষ্যতে পানীৰ সহায়ত মহাকাশত ছেটেলাইটৰ উৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিল বিপদৰ আশংকা নোহোৱা হ’ব৷ ইয়াৰ ফলত মহাকাশত ছেটেলাইটবোৰৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ বিস্ফোৰণ হোৱাৰ সম্ভাৱনা নাথাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here