বিশ্বৰ খাদ্য-তালিকাত ভাৰতীয় খাদ্যই কিমান স্থান পালে ?

0
112

গোটেই বিশ্বজুৰি ভাৰতীয় খাদ্যই সমাদৰ লাভ কৰিছে৷ ভাৰতীয় খাদ্যৰ আদৰ তথা ইয়াৰ সোৱাদ অতুলনীয়৷ সম্প্ৰতি এক সমীক্ষাত প্ৰকাশিত তথ্য অনুসৰি ২০২২ চনৰ সেৱা খাদ্যৰ তালিকাত ভাৰতীয় খাদ্যই পঞ্চম স্থান লাভ কৰিছে৷ এই খাদ্য তালিকাত স্থান লাভ কৰা দেশসমূহ ক্ৰমান্বয়ে ইটালি প্ৰথম স্থান, গ্ৰীচে দ্বিতীয় স্থান, স্পেইনে তৃতীয় স্থান, জাপানে চতৃৰ্থ স্থান আৰু তাৰ পাছত পঞ্চম স্থান লাভ কৰিছে ভাৰতে৷ উল্লেখ্য যে ৫০ খন দেশক লৈ এই তালিকা প্ৰস্তুত কৰা হৈছিল৷ দৰ্শকৰ ভোটৰ ওপৰত ভিত্তি কৰি এই ৰেংকিং কৰা হয়৷ এই ৰেংকিঙত ভাৰতে ৪.৫৪ পইণ্ট লাভ কৰি পঞ্চম স্থান দখল কৰে৷ এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে নানা জাতি-জনগোষ্ঠাৰে পৰিপূৰ্ণ ভাৰতীয় সমাজ ব্যৱস্থা তথা ইয়াৰ উৰ্বৰা মাটিত উৎপাদিত প্ৰতিবিধ খাদ্য সামগ্ৰীৰে গ্ৰহণযোগ্য আৰু পুষ্টিগুণেৰে সমৃদ্ধ৷ পাহাৰীয়া অঞ্চলত পোৱা নানাতৰহৰ খাদ্য সামগ্ৰী, উত্তৰ ভাৰতৰ ঘি, গৰম মছলা, বিৰিয়ানি, নান, দক্ষিণৰ ধোসা, ইডলি, সমুদ্ৰতীৰৰ সুস্বাদু সামুদ্ৰিক মাছ আদি, ৰূপ ৰস গোন্ধ আদি লোভনীয় সকলোখিনিয়েই ভাৰতীয় খাদ্যত পোৱা যায়৷ ভাৰতীয় সংস্কৃতিৰ সৈতেও ইয়াৰ খাদ্যসম্ভাৰৰ সম্পৰ্ক আছে৷ সেই হিচাপে ভাৰতীয় খাদ্যই শীৰ্ষস্থানত অৱস্থান কৰাটো বিচাৰিছিল ইয়াৰ লোকসকলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here