বিশ্বৰ কিমান কোটি লোক দাৰিদ্ৰ্য সীমাৰেখাৰ তলত ?

0
272

শেহতীয়াভাৱে ২১টা দাতব্য সংস্থাৰ সন্মিলিত মঞ্চ ব্ৰিটেইনৰ অক্সফেম নামৰ প্ৰতিষ্ঠানটোৰ এক প্ৰতিবেদন বিশ্বৰ মুঠ কিমান কোটি লোক দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস কৰে, সেই তথ্য প্ৰকাশ পাইছে৷ প্ৰকাশিত তথ্য মতে সমগ্ৰ বিশ্বত নতুনকৈ চ্ছ কোটি ৩০ লাখ লোক দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰে৷ 
কৰ’না মহামাৰীৰ সময়ত ২০২১ চনত বিশ্বত ধনী-দুখীয়াৰ বৈষম্য বৃদ্ধি পাইছিল৷ আনহাতে সংস্থাটোৱে প্ৰকাশ কৰা তথ্য মতে কৰ’নাকালত অস্থিৰ পৰিস্থিতিক কামত লগাই কমেও ৫৭৩জনে বিলিয়নিয়াৰ হিচাপে পৰিচিতি লাভ কৰে৷ 
তেওঁলোকক লৈ বৰ্তমান বিলিয়নেয়াৰৰ সংখ্যা ২৬৬৮লৈ বৃদ্ধি হৈছে৷ এই সময়ছোৱাত প্ৰতি ঘণ্টাত এজন লোক বিলিয়নেয়াৰত পৰিণত হৈছিল৷ আনহাতে বিগত দুবছৰত খাদ্য আৰু কৃষিজাত সামগ্ৰীৰ ব্যৱযসায়ত জড়িত লোকৰ সম্পত্তি ৪৫ শতাংশলৈ বৃদ্ধি পায়৷ ইন্ধনজাত সামগ্ৰী, গেছ আৰু কয়লা ব্যৱসায়ত জড়িত লোকৰ সম্পত্তি ৫৩ শতাংশলৈ বৃদ্ধি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here