বিশ্বৰ কনিষ্ঠতম যোগ প্ৰশিক্ষকজন

0
696

৯ বছৰ ২২০ দিন বয়সত এজন ভাৰতীয় শিশুৱে বিশ্বৰ কনিষ্ঠতম প্ৰমাণ-পত্ৰ প্ৰাপ্তযোগ প্ৰশিক্ষকৰূপে গীনিজ ৱল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে৷ ডুবাইত নিজৰ পৰিয়ালৰ সৈতে থকা ৰেয়াংশ সুৰানীয়ে জনায় যে তেওঁ চাৰি বছৰ বয়সতে পিতৃ-মাতৃৰ সৈতে যোগৰ অনুশীলন আৰম্ভ কৰিছিল৷ ২০০ ঘণ্টীয়া এক যোগ প্ৰশিক্ষক প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত আনন্দ শেখৰ যোগ বিদ্যালয়ৰ পৰা ২০২১ চনৰ ২৭ জুলাইত ৰেয়াংশে প্ৰমাণ-পত্ৰ লাভ কৰে৷ কভিড-১৯ৰ নিষেধাজ্ঞাৰ বাবে তেওঁ ব্যক্তিগত শ্ৰেণীত কম লোকক প্ৰশিক্ষণ দিয়ে৷ বিদ্যালয়ত তেওঁ ১০-১৫টি শিশুক প্ৰশিক্ষণ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here