বিশ্বৰ আটাইতকৈ খৰচী মহানগৰৰ কোনখন জানেনে ?

0
627

বিশ্বৰ আটাইতকৈ খৰচী মহানগৰৰ বিষয়ৰ এক প্ৰতিবেদন শেহতীয়াকৈ প্ৰকাশ পাইছে৷ এই প্ৰতিবেদনৰ মতে, নিউয়ৰ্ক আৰু ছিংগাপুৰ হৈছে বিশ্বৰ সবাতোকৈ খৰচী মহানগৰ৷ বিশ্বৰ ১৭৫খন মহানগৰৰ মাজত এই দুখন শীৰ্ষস্থানত আছে৷ ‘দ্য ইক’নমিষ্ট ইণ্টেলিজেন্স ইউনিটে এই সূচকাংক প্ৰকাশ কৰিছে৷ আনহাতে খৰচী মহানগৰৰ তালিকাত শেষৰ দহখন মহানগৰৰ ভিতৰত ভাৰতৰ তিনিখন মহানগৰ আছে৷ অৰ্থাৎ দহখন মহানগৰ সবাতোকৈ কম খৰচী৷ ভাৰতৰ উক্ত মহানগৰকেইখন হৈছে গুজৰাটৰ আহমেদাবাদ, তামিলনাডুৰ চেন্নাই আৰু কৰ্ণাটকৰ বেংগালুৰু৷ গোটেই তালিকাৰ অন্তিম স্থানত আছে ছিৰিয়াৰ ডামকাচ আৰু লিবিয়াৰ ট্ৰিপলি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here