বিশ্বৰ আটাইতকৈ অসুৰক্ষিত দেশ কোনখন ?

0
398


গালপ নামৰ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই প্ৰকাশ কৰা আইন-শৃংখলা সম্পৰ্কীয় এক প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ আটাইতকৈ অসুৰক্ষিত দেশখন হৈছে আফগানিস্তান৷ প্ৰতিবেদনখন মতে বিশ্বৰ অসুৰক্ষিত দেশসমূহৰ আটাইতকৈ শীৰ্ষত আৰোহণ কৰিছে আফগানিস্তানে৷ ইয়াৰ কাৰণ হিচাপে প্ৰধানতঃ তালিবানৰ শাসনৰ বাবে যুদ্ধবিধবস্ত দেশখন আটাইতকৈ অসুৰক্ষিত হৈ পৰিছে৷ দেশখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি অতি শোচনীয় হৈ পৰিছে আৰু জনতাৰ কোনোধৰণৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে৷ এই দেশৰ নাগৰিকৰ নিৰাপত্তা নোহোৱা হৈছে৷ চাৰিওফালে কেৱল হত্যা, চুৰি-ডকাইতি, আক্ৰমণ, বলাৎকাৰ আদি সকলো ফালে অবাধ গতিত সংঘটিত হৈ আহিছে৷ দেশখনৰ জনতাই সুৰক্ষিত অনুভৱ নকৰে৷ সংস্থাটোৱে ১২০খন দেশৰ নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত চলোৱা প্ৰতিবেদনখনত আফগানিস্তান আটাইতকৈ সুৰক্ষা নোহোৱা দেশ হিচাপে পৰিগণিত হৈছে৷ আনহাতে যোৱা পাঁচ বছৰ ধৰি একেৰাহে বিশ্বৰ আটাইতকৈ অশান্তজৰ্জৰ দেশ হিচাপে আফগানিস্তানে গ্ল’বেল পীচ ইনডেক্সত স্থান লাভ কৰি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here