বিশ্বমানৰ আন্তঃগাঁথনিৰে হৃদৰোগৰ অত্যাধুনিক চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰয়াস

0
169

অসমত বিশ্ব মানৰ আন্তঃগাঁথনিৰে হৃদৰোগৰ অত্যাধুনিক চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ প্ৰয়াস চলাইছে ৰাজ্য চৰকাৰে৷ গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ হৃদৰোগ চিকিৎসা বিশেষজ্ঞসকলৰ তিনিদিনীয়া সন্মিলন এখন উদ্বোধন কৰি ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই মন্তব্য কৰে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীনত নৱনিৰ্মিত হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ [চি এন চেণ্টাৰ]ৰ সভাকক্ষত আয়োজিত কাৰ্ডিঅ’লজিকেল ছ’চাইটি অব্‌ ইণ্ডিয়া-নৰ্থ ইষ্ট ছেপ্টাৰৰ বিংশতিতম বাৰ্ষিক সন্মিলন তথা আছাম কাৰ্ডিঅ’লজিকেল ছ’চাইটিৰ একবিংশতিতম দ্বি-বাৰ্ষিক সন্মিলন ‘কাৰ্ডিঅকন ২০২২’ক্সমন্ত্ৰীজনে আনুষ্ঠানিকভাৱে মুকলি কৰে৷ অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী মহন্তই কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে এই দিশটো অনুধাৱন কৰি অসমতে হূদৰোগৰ অত্যাধুনিক তথা বিশ্ব মানৰ চিকিৎসা উপলব্ধ কৰোৱাত মনোনিৱেশ কৰিছে৷ 
ইয়াৰ বাবে প্ৰয়োজনীয় উন্নত প্ৰযুক্তিৰ চিকিৎসা যন্ত্ৰ তথা সা-সৰঞ্জামকে ধৰি বিশ্ব মানৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ ব্যৱস্থা কৰা বুলি তেওঁ দোহাৰে৷ ৰাজ্য চৰকাৰৰ এনে প্ৰয়াসৰ অংশ হিচাপেই ইতিমধ্যে জি এম চি এইচৰ অধীনত কাৰ্ডিঅ’লজি আৰু কাৰ্ডিঅ’ ছাৰ্জাৰীৰ শেহতীয়া প্ৰযুক্তি আধাৰিত উন্নত তথা অত্যাধুনিক চিকিৎসা সেৱা সুনিশ্চিত কৰা হৈছে৷ মন্ত্ৰী মহন্তই লগতে উল্লেখ কৰে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপৰি ৰাজ্যৰ আন চিকিৎসা মহাবিদ্যালয়কেইখনতো পৰ্যায়ক্ৰমে হৃদৰোগৰ চিকিৎসা পাঠ্যক্ৰমৰ অধিক সম্প্ৰসাৰণেৰে ৰাজ্যত পৰ্যাপ্তসংখ্যক হৃদৰোগ বিশেষজ্ঞ সৃষ্টিৰ দিশতো স্বাস্থ্য বিভাগে সুনিৰ্দিষ্ট পৰিকল্পনাৰে কাৰ্যব্যৱস্থা হাতত লৈছে৷ হৃদৰোগ বিশেষজ্ঞসকলৰ এই সন্মিলনে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে হৃদৰোগৰ চিকিৎসা-গৱেষণাৰ ক্ষেত্ৰখনক আগুৱাই নিয়াত অৰিহণা যোগোৱাৰ উপৰি জনসাধাৰণৰ মাজত হৃদযন্ত্ৰৰ উপযুক্ত যতন আৰু হৃদৰোগৰ বিষয়ে সজাগতা সৃষ্টিতো সহায় কৰিব বুলি মন্ত্ৰী মহন্তই আশা প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here