বিপজ্জনক মাত্ৰাত প্ৰদূষিত হৈছে দীপৰ বিলৰ পানী

0
166

সেউজ ন্যায়াধিকৰণৰ  নিৰ্দেশনা উলংঘা কৰি দীপৰ বিলৰ পৰা কিছু নিলগৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত বিগত ২০২১ বৰ্ষৰ আগষ্ট মাহত গুৱাহাটী পৌৰ নিগমে জাবৰ-জোঁথৰ, আৱৰ্জনা পেলাবৰ বাবে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটোৱে ইতিমধ্যে এটা বছৰ সম্পূৰ্ণ কৰিলে৷ বিগত এটা বছৰত পৌৰ নিগমে কেইবাবাৰো বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিহে আৱৰ্জনা পেলোৱা হ’ব বুলি ঘোষণা কৰিছিল যদিও সেই ঘোষণা কাৰ্যকৰী নোহোৱাত দীপৰ বিলৰ পানী অধিক মাত্ৰাত প্ৰদূষিত হৈ পৰিছে৷ 
এই অভিযোগ কৰিছে দীপৰ বিলৰ সংৰক্ষণ, সংবৰ্ধন আৰু  বিলখনক এক প্ৰদূষণমুক্ত ক্ষেত্ৰলৈ উন্নীতকৰণৰ  হকে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চই৷ এটা বিবৃতিত দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিদ টেৰণ, উপ-সভাপতি বলেশ্বৰ ৰংপী, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে কয়, গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বেলৰতলত ২০২১ চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰিছিল  ডাম্পিং গ্ৰাউণ্ড৷ এই ডাম্পিং গ্ৰাউণ্ড সম্পূৰ্ণ নীতি বহিৰ্ভূত আৰু বেআইনী আছিল৷ এন জি টিৰ ৰায় অনুসৰি গুৱাহাটী পৌৰ নিগমে এন জি টিৰ আদালতত শপতনামা দাখিল কৰা শপতনামা অনুসৰি মহানগৰৰ পৰিসৰৰ অভ্যন্তৰত বিভিন্ন স্থানত মহানগৰীৰ জাবৰ-জোঁথৰৰ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here