বানাক্ৰান্ত অঞ্চলসমূহত চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগৰ এছ অ’ পি জাৰি

0
398

বানাক্ৰান্ত জনতাক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে যোৱা ২১ জুনত এছ অ’ পি জাৰি কৰে৷ বানাক্ৰান্ত অঞ্চলসমূহত পৰ্যাপ্ত পৰিমাণে চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য মন্ত্ৰীক এছ অ’ পি জাৰি কৰিবলৈ আহ্বান জনাইছিল৷ প্ৰকাশিত এছ অ’ পি অনুসৰি প্ৰতিখন জিলাতেই একোটাকৈ চিকিৎসা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিব লাগিব৷ 
সেইদৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ সকলো কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলে নিয়মীয়াকৈ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজৰ স্বাস্থ্যৰ বুজ ল’ব লাগিব৷ স্বাস্থ্য শিবিৰসমূহ নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত স্বাস্থ্য সেৱাৰ সকলো যুটীয়া সঞ্চালকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ 
এই ক্ষেত্ৰত যুটীয়া সঞ্চালকসকলে জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি সকলো ব্যৱস্থা কাৰ্যকৰী কৰাৰ ব্যৱস্থা ল’ব লাগিব৷ 
প্ৰায়বোৰ আশ্ৰয় শিবিৰলৈ একোটাকৈ চিকিৎসা গোট প্ৰেৰণ কৰিবলৈও এছ অ’ পিত প্ৰকাশ কৰে৷ প্ৰতিটো চিকিৎসা গোটত চিকিৎসক, নাৰ্ছ, ফাৰ্মাচিষ্ট, এম পি ডব্লিউ, এছ ডব্লিউ, লেবৰেটৰী টেকনিচিয়ান, আশা কৰ্মী আদি থকাটো নিশ্চিত কৰিবলৈও এছ অ’ পিত প্ৰকাশ কৰিছে৷ ইফালে, ঔষধৰ যাতে নাটনি নহয়, সেই ক্ষেত্ৰত সকলো যুটীয়া স্বাস্থ্য সঞ্চালকক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে৷ 
চিকিৎসা গোটসমূহৰ উপৰি জিলা চিকিৎসালয়, মহকুমা চিকিৎসালয়, আদৰ্শ চিকিৎসালয়, প্ৰাথমিক চিকিৎসালয়কে ধৰি সকলো চিকিৎসা কেন্দ্ৰৰ কাম-কাজ সঠিক দিশত চলি থকাটো নিশ্চিত কৰিবলৈ প্ৰতিজন যুটীয়া স্বাস্থ্য সঞ্চালকক নিৰ্দেশ দিয়া হৈছে৷ বানাক্ৰান্তৰ চিকিৎসাৰ সমান্তৰালকৈ ক’ভিড আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰতো যাৱতীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে৷ 
সমান্তৰালকৈ ১০৮, ১০৪, ১০২ আৰু নৌকা এম্বুলেঞ্চ আদি জৰুৰীকালীন সেৱাসমূহক ২৪ ঘণ্টাই সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে৷ প্ৰয়োজন সাপেক্ষে চিকিৎসা মহাবিদ্যালয়সমূহৰ অধীক্ষকসকলকো অতিৰিক্তভাৱে সহায়-সহযোগ কৰিবলৈ এছ অ’ পিত কোৱা হৈছে৷ ইফালে বান শেষ হোৱাৰ পাছত একোটাকৈ মেগা স্বাস্থ্য শিিবৰৰ আয়োজন কৰিবলৈ এছ অ’ পিত যুটীয়া স্বাস্থ্য সঞ্চালকসকলক নিৰ্দেশ দিয়া হৈছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here