বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰাজ্যত নামিব পাৰে প্ৰচণ্ড শীত

0
133

চলিত বৰ্ষত অসমত পূৰ্বৰ তুলনাত শীতৰ প্ৰকোপ যথেষ্ট কম পৰিলক্ষিত হৈছে৷ কিন্তু ৰাজ্যৰ সৰ্বত্ৰ প্ৰচণ্ড শীত নমাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই৷ আনহাতে সমাগত পাঁচ দিনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বৰষুণ হ’ব আৰু এই বৰষুণে শীতৰ মাত্ৰা বৃদ্ধি কৰিব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই আশংকা প্ৰকাশ কৰিছে৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানী সুনীত দাসে প্ৰকাশ কৰে যে এইবাৰ পুহ মাহতো পূৰ্বৰ তুলনাত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ঠাণ্ডাৰ প্ৰকোপ বহুত কম৷ কিন্তু আগন্তুক পাঁচ দিনত দেশৰ এই প্ৰান্তত হ’বলগীয়া বৰষুণৰ ফলত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ আনহাতে চুবুৰীয়া অৰুণাচল প্ৰদেশত বৰষুণৰ মাত্ৰা বহু বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত এলাৰ্ট জাৰি কৰা হৈছে৷ ৰাজ্যখনৰ ওখ স্থানসমূহত বৰফ পৰাৰ মেঘালয় আৰু নগালেণ্ডৰ বিভিন্ন স্থানৰ উপৰি মিজোৰাম, মণিপুৰতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ অসম, মেঘালয় আৰু নগালেণ্ডত ধুমুহা অহাৰ সম্ভাৱনাৰ কথাও প্ৰকাশ কৰে বতৰ বিজ্ঞানীয়ে৷ চুবুৰীয়া ৰাজ্যত হ’বলগীয়া বৰষুণৰ বাবেও অসমত শীতৰ প্ৰকোপ বৃদ্ধি পাব৷ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি অসম, মেঘালয় আৰু ত্ৰিপুৰাত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা থকাৰ আগজাননীও দিছে বতৰ বিজ্ঞানীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here