বজাৰৰ সতেজ ফল হ’ব পাৰে বৰবিহস্বৰূপ

0
321

বজাৰৰ পৰা কিনি খোৱা ফল-মূল আপোনাৰ বাবে প্ৰকৃততে উপকাৰীনে? ফল-মূলৰ ভিতৰত বিশেষকৈ কলৰ চাহিদাৰ লগতে জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি ফলৰ ব্যৱসায়ীয়ে অতি সহজতে পকিবলৈ ‘গেছ’ [কাৰ্বাইড] ব্যৱহাৰ কৰে৷ এনেধৰণে সহজ ভাষাত গেছত পকোৱা বুলি কোৱা কলবোৰ সাধাৰণতে কেলচিয়াম কাৰ্বাইড নামৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি অতি কম খৰচতে আৰু সহজতে পকোৱা হয়৷ এইদৰে পকোৱা কলে আমাৰ স্বাস্থ্যৰ পক্ষে যথেষ্ট হানিকাৰক৷ আজিকালি ৰাসায়নিক পদাৰ্থ মিহলাই কৃত্ৰিমভাৱে পকোৱা ফল-মূলে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷
বিভিন্ন ফল-মূল, কল, আম আদি পকোৱাত ব্যৱহাৰ কৰা এই বহুচৰ্চিত আমি জনা সাধাৰণ ভাষাত জনা ‘গেছ’ অৰ্থাৎ কেলচিয়াম কাৰ্বাইডে মানৱ স্বাস্থ্যলৈ কেনেদৰে ভাবুকি কঢ়িয়াইছে জানো আহক কাৰ্বাইড হৈছে কেলচিয়ামযুক্ত কাৰ্বনৰ এক যৌগ৷ ইয়াৰ সম্পূৰ্ণ নাম হৈছে CAC২৷ এইবিধ যৌগ প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা নাযায়৷ সাধাৰণতে কাৰ্বাইড বৰণহীন যদিও ইয়াত থাকি যোৱা অশুদ্ধি যেনে– আৰ্ছেনিক আৰু ফচফৰাছৰ বাবে ইয়াৰ ধোঁৱাবৰণীয়া বা ক’লা বৰণৰ দেখা যায়৷ ৰাসায়নিক উদ্যোগত কাৰ্বাইড বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ প্লাষ্টিক প্ৰস্তুতিৰ উপৰি কেলচিয়াম ছায়েনামাইড নামৰ এবিধ সাৰ প্ৰস্তুতত কাৰ্বাইড ব্যৱহাৰ কৰা হয়৷ এনে এবিধ বিষাক্ত দ্ৰব্য বৰ্তমান সময়ত বেপাৰীবোৰে কল পকাবলৈ ব্যৱহাৰ কৰিবলৈ লৈছে৷ বাস্তৱতে দেখা যায় যে কেঁচা ফলৰ ওপৰত কাৰ্বাইডৰ দ্ৰব্য ছটিয়াই বা পাউডাৰ ছটিয়াই অলপ ঢাকোন দি ৰাখিলে অতি সহজতেই ৰাতিটোৰ ভিতৰতে কেঁচা কল পৰি খোৱাৰ উপযোগী হৈ পৰে৷ এনে কাৰ্বাইড দি পকোৱা কল খালে মানৱ দেহত কেনে ক্ৰিয়া কৰে, সেইটো সকলোৰে বিদিত৷ সামগ্ৰিকভাৱে ইয়াৰ কু-প্ৰভাৱত মানুহৰ যকৃত আৰু দেহৰ অন্য অংশত পৰিব পাৰে৷ বিশেষজ্ঞসকলে কোৱা মতে এনে কল খোৱাৰ ফলত মানৱ দেহত কৰ্কট ৰোগৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে৷ কাৰ্বাইড দি পকোৱা ফল যদি ভালকৈ ধোৱাও হয়, তেতিয়া কম মাত্ৰাত ফলৰ ভিতৰভাগত থাকি যোৱা পাৰ্টছ পাৰ ট্ৰিলিয়নৰ পৰিমাণেই দেহৰ বাবে ক্ষতিকাৰক হিচাপে পৰিগণিত হ’ব পাৰে৷ সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু প্ৰমাণীকৰণ কতৃৰ্পক্ষই কাৰ্বাইড নামৰ এইবিধ মাৰাত্মক দ্ৰব্য ফল পকোৱাত ব্যৱহাৰ নকৰিবৰ বাবে নিষিদ্ধ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here