ফল-মূল, শাক-পাচলি কেনেদৰে ফ্ৰিজত ৰাখিব ?

0
268

শাক-পাচলি, ফল-মূল আদি বহুদিনলৈ নষ্ট নোহোৱা বা পচি নাযাবলৈ ফ্ৰিজত সংৰক্ষণ কৰা হয়, যাতে এইবোৰ কেইবাদিনলৈ খাই থাকিব পাৰি৷ কিন্তু কথাটো হ’ল এই সকলোবোৰ খাদ্য সামগ্ৰী ফ্ৰিজত কেনেদৰে ৰাখিব৷ ফ্ৰিজত কোনো নিয়ম নজনাকৈ খাদ্যবস্তু ৰাখিলে ভালতকৈ বেয়া হোৱাৰহে সম্ভাৱনা বেছি৷ সেয়েহে খাদ্যবস্তু ফ্ৰিজত থোৱাৰ আগতে এইসমূহ জানি লওক৷ শুকান অৱস্থাত চবজি, পাচলি আদি ফ্ৰিজত ৰাখিলে পচি যোৱাৰ সম্ভাৱনা থাকে৷ ফ্ৰিজত পাচলি ৰখাৰ আগতে পাচলিখিনি ভালদৰে ধুই-মেলি চাফ-চিকুণ কৰি ৰখা উচিত৷
ফ্ৰিজত আলু-পিঁয়াজ একেলগে নাৰাখিব৷ যদি দীৰ্ঘদিন ধৰি ফ্ৰিজন আলু সংৰক্ষণ কৰি ৰাখিব বিচাৰে, তেন্তে পিঁয়াজৰ সৈতে একেলগে নাৰাখিব৷ কিয়নো আলু আৰু পিঁয়াজ একেলগে ৰাখিলে ইথাইলিন নামৰ একপ্ৰকাৰ গেছ উৎপন্ন হৈ ইয়াৰ দ্ৰুত পচনক্ৰিয়া আৰম্ভ হয়৷
আন খাদ্য সামগ্ৰীৰ সৈতে নহৰু কেতিয়াও ফ্ৰিজৰ ভিতৰত নাৰাখিব৷ কিয়নো নহৰু কোনো বন্ধ ঠাইত ৰাখিলে ইয়াৰ দ্ৰুতভাৱে অংকুৰণ হয়৷ ফলত খোৱাৰ অনুপযোগী গৈ পৰে৷
সতেজ ফল-মূল ফ্ৰিজত ৰাখিলে টুকুৰা কৰি বৰফৰ মাজত ৰাখিলে ভাল৷ এনেদৰে ৰাখিলে বহুদিনলৈ নষ্ট নোহোৱাকৈ থাকে৷
কেঁচা জলকীয়া ৰখাৰ সময়ত ইয়াৰ ঠাৰি এৰাই লৈ এটা বাকচজাতীয় বস্তুত ৰাখিলে ভাল৷ পাতজাতীয় শাক হ’লে গোটাই গোটাই ৰাখক৷ ইয়াৰ ভিতৰত ধনিয়া পাত এৰাই চলক৷ ডাঠাজাতীয় পাচলি, চজিনা আদি ভালদৰে ধুই লৈ কাগজত মেৰিয়াই লৈ ফ্ৰিজত ৰাখিব৷
বজাৰত কিনা ফল-মূলৰ ক্ষেত্ৰত সদায় ভালদৰে পানীৰে ধুই পাছত ফ্ৰিজত থ’ব লাগে৷ একেদৰে মাছ-মাংসৰ ক্ষেত্ৰতো একেই কথাই খাটে৷ ফ্ৰিজত সতেজ ফল-মূল ৰখা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here