ফলৰ গাত কিয় ষ্টিকাৰ লগোৱা হয় জানেনে ?

0
468

বজাৰত ফল কিনিবলৈ গ’লে ফলৰ গাত এটা ষ্টিকাৰ থকা সকলোৱে প্ৰত্যক্ষ কৰিছে নি(য়৷ বজাৰত পোৱা আম, মধুৰিআম, আপেল আদি বিভিন্ন ধৰণৰ ফলৰ গাত এইদৰে এটা ষ্টিকাৰ লগোৱা থাকে৷ আচলতে ফল-মূলৰ গাত এনেদৰে কিয় ষ্টিকাৰ লগোৱা থাকে বহুতেই হয়তো অৱগত নহয় বা জানিবলৈও নিবিচাৰে৷ আকৌ বহুতেই ভাবে যে এই ষ্টিকাৰটো অৰ্থ হ’ল ফলটোৰ গুণগত মানৰ পৰিচায়ক অথবা এই ফলবোৰ বিদেশৰ পৰা আমদানি কৰা হৈছে ইত্যাদি নানান কথা৷ জানো আহক ফলৰ গাত কিয় ষ্টিকাৰ লগোৱা থাকে৷
ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অব্‌ ইণ্ডিয়া জনোৱা মতে ফলৰ গাত পৃথিৱীৰ বিভিন্ন দেশত এই ধৰণে ষ্টিকাৰ ব্যৱহাৰ কৰা হয়৷ ইয়াৰ অৰ্থ হ’ল ফলৰ গুণগত মান, মূল্য বা কি ধৰণৰ প্ৰক্ৰিয়াৰ ফলত ফলটো উৎপাদন কৰা হৈছে আদি বুজিবলৈ ফলৰ গাত ষ্টিকাৰ লগোৱা হয়৷ খাদ্যৰ গুণাগুণ নিৰ্ণায়ক আন্তৰ্জাতিক সংস্থা আই এফ পি এফ কৈছে যে ফলৰ গাত থকা ষ্টিকাৰ যদি চাৰি সংখ্যাযুক্ত কোড থাকে, তেন্তে ইয়াৰ অৰ্থ হ’ল ফলটো উৎপাদন কৰোঁতে সাধাৰণ সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে৷ 
যদি কোডটো পাঁচ সংখ্যাৰ হয় আৰু প্ৰথম সংখ্যাটো ৮ৰে আৰম্ভ হয়, তাৰ অৰ্থ হ’ল ফলটো জেনেটিকেলী মডিফাইড বা জিনগত পৰিৱৰ্তনৰ মাধ্যমেৰে উৎপাদন কৰা হৈছে৷ আনহাতে ফলৰ গাত থকা পাঁচ সংখ্যাৰ কোডটো যদি ৯ৰে আৰম্ভ হয়, তেন্তে ইয়াৰ অৰ্থ হ’ল সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ফলবিধ প্ৰস্তুত কৰা হৈছে৷
আনহাতে একাংশ বিশেষজ্ঞই মত পোষণ কৰিছে যে ফলটোৰ গাত কোড নম্বৰটো আঠাৰে মাৰি দিয়া হয় বাবে ফলৰ গাত লাগি থকা আঠাত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে৷ ইয়াৰ ফলত শৰীৰৰ বিভিন্ন সমস্যাৰো সৃষ্টি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here