পৰিৱেশলৈ ভাবুকি ! BMW আইনখন কাৰ্যকৰী হৈছেনে? A threat to the environment : Has the BMW Act been implemented?

0
1278
ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহে চিকিৎসা সেৱাৰ স্বাৰ্থত যিবোৰ নীতি-নিয়ম মানি চলিব লাগে, প্ৰকৃতাৰ্থত সেয়া কিমান কাৰ্যকৰী হৈছে? বিশেষকৈ চিকিৎসা প্ৰতিষ্ঠানসমূহে চৌদিশ পৰিষ্কাৰ কৰি ৰখা তথা চিকিৎসাজনিত আৱৰ্জনা পেলোৱাৰ ক্ষেত্ৰত এখন বিশেষ আইন কাৰ্যকৰী হৈ আছে৷ বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ে প্ৰস্তুত কৰা Biomedical waste (মেনেজমেণ্ট এণ্ড হেণ্ডলিং) ১৯৯৮ আইন, চমুকৈ BMW আইনখন অসমত এতিয়াও প্ৰকৃতাৰ্থত সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই৷ এই আইন অনুসৰি চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ চিকিৎসালয়, পশু চিকিৎসালয়, ডায়’গনেষ্টিক চেণ্টাৰ, পৰীক্ষাগাৰ, ফাৰ্মাচী আদিৰ পৰা ওলোৱা চিকিৎসাজনিত আৱৰ্জনা ইনছিনাৰেটৰ মেচিনত পুৰি পেলাব লাগে অথবা কমন বায়’ মেডিকেল ৱেষ্ট ট্ৰীটমেণ্ট ফেচেলিটিৰ (CBWTF) দ্বাৰা নিষ্কাশন কৰিব লাগে৷ কিন্তু ৰাজ্যৰ অধিক চিকিৎসালয়ে এই নিৰ্দেশ অৱমাননা কৰি আহিছে৷ ফলত চিকিৎসালয়ত নিৰোগী হৈ আহিব লগা ৰোগী আৰু ৰোগীৰ লগত থকা বহু অভিভাৱক বেমাৰতহে আক্ৰান্ত হৈ আহিব লগাত পৰিব পাৰে৷ বিশেষকৈ উন্মুক্তভাৱে থকা চিকিৎসাজনিত আৱৰ্জনাৰ পৰা বিভিন্ন বেমাৰৰ বীজাণু বতাহত উৰি ফুৰাৰ সম্ভাৱনা থাকে৷ চিকিৎসালয়সমূহৰ চিকিৎসাজনিত আৱৰ্জনা CBWTF-ত দিব লাগে অথবা নিজাকৈ ইনছিনাৰেটৰ মেচিনত পুৰি পেলাব লাগে৷ কিন্তু চৰকাৰী-বেচৰকাৰী খণ্ডৰ অধিকাংশ চিকিৎসালয়ে এই নিয়ম মানি নচলাটো উদ্বেগজনক বিষয় হৈ পৰিছে৷  বায়’ মেডিকেল ৱেষ্ট (মেনেজমেণ্ট এণ্ড হেণ্ডলিং) ১৯৯৮ আইন ভংগ কৰা চিকিৎসালয়ৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগম কঠোৰ হৈছিল আৰু মহানগৰৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত অভিযানো চলাইছিল৷ কিন্তু পৌৰ নিগমৰ এই অভিযান আধাতে বন্ধ হৈ পৰিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here