পৰিয়াল পৰিকল্পনাৰ আধুনিক পদ্ধতি উন্নত কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাক স্বীকৃতি

0
530

থাইলেণ্ডত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত একমাত্ৰ ভাৰতে পৰিয়াল পৰিকল্পনাত নেতৃত্বৰ বঁটা এক্সেল এৱাৰ্ডছ ২০২২ লাভ কৰে৷ পৰিয়াল পৰিকল্পনাৰ আধুনিক পদ্ধতিৰ সুবিধা উন্নত কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাক স্বীকৃতি দি ‘দেশ’ শাখাত ভাৰতক এই বঁটা দিয়া হয়৷ এই বঁটাৰ বাবে প্ৰশংসা কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাৱিয়াই টুইটাৰত কয় যে এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মানসম্পন্ন পৰিয়াল পৰিকল্পনাৰ বাছনিৰ বাবে ভাৰতে কৰা প্ৰচেষ্টাৰ স্বীকৃতি৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ [এন এফ এইচ এছ] ৫১ তথ্য মতে ভাৰতত মুঠ গৰ্ভনিৰোধক প্ৰচলন হাৰ [চি পি আৰ] ২০১৫-১৬ চনৰ ৫৪ শতাংশৰ পৰা ২০১৯-২০ চনত ৬৭ শতাংশলৈ বৃদ্ধি পাইছে৷ তেনেদৰে পৰিয়াল পৰিকল্পনাৰ পূৰণ নোহোৱা প্ৰয়োজনো ১৩ শতাংশৰ পৰা জ্ঝ শতাংশলৈ হ্ৰাস পাইছে৷ ১৫-৪৯ বছৰীয়া বিবাহিত মহিলাৰ মাজত পৰিয়াল পৰিকল্পনাৰ ‘চািহদা পূৰণ’ হোৱাটো ২০১৫-১৬ চনৰ ৬৬ শতাংশৰ পৰা ২০১৯-২০ চনত ৭৬ শতাংশলৈ বৃদ্ধি পাইছে৷ ই হৈছে বিশ্বজুৰি ২০৩০ চনৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা ৭৫ শতাংশ বহনক্ষম উন্নয়ন লক্ষ্য [এছ ডি জি]তকৈ বেছি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here