প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ ওলায় নেকি?এইবোৰ হ’ব পাৰে কাৰণ

0
158


প্ৰস্ৰাৰৱ দুৰ্গন্ধ– এই বিষয়টোক লৈ সতৰ্ক হোৱাতো দূৰৰে কথা, বেছিভাগেই এৰাই চলে৷ ইয়াৰ মূখ্য কাৰণ নজনাকৈয়ে পানী কম খোৱাৰ ফলত বা অন্য কিবা কাৰণত হ’ব পাৰে বুলি বিষয়টোৰ গুৰুত্ব নিদিয়ে৷ চিকিৎসকে কোৱা মতে প্ৰস্ৰাৱৰ দুৰ্গন্ধৰ কাৰণ মূলতঃ এমেনিয়াৰ কাৰণে হ’ব পাৰে৷ কেতিয়াবা প্ৰস্ৰাৱৰ গোন্ধ ইমান অসহনীয় হৈ পৰে, যিয়ে শাৰীৰিক সমস্যাৰ ইংগিত দিয়ে৷ প্ৰস্ৰাৱৰ দুৰ্গন্ধৰ কাৰণ কম পানী সেৱন কৰাৰ ফলত হ’ব নোৱাৰে৷ ইয়াৰ আঁৰত কোনো শাৰীৰিক সমস্যা আছে৷ শাৰীৰিক কোনবোৰ সমস্যা থাকিলে মাত্ৰাধিক থাকিলে পেচাব গোন্ধায় জানো আহক৷
মূত্ৰনলীত সংক্ৰমণ হয় মূলতঃ বিভিন্ন বেক্টেৰিয়াৰ কাৰণে৷ বেক্টেৰিয়াৰ বাবে প্ৰস্ৰাৱৰ দুৰ্গন্ধৰ অন্যতম কাৰণ হ’ব পাৰে৷ সেয়ে প্ৰস্ৰাৱত দুৰ্গন্ধ বাহিৰ হ’লেই সাৱধান হোৱা উচিত৷ অকল যে দুৰ্গন্ধই ওলায়, তেনে নহয়৷ প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰা, সঘনাই পেচাব লাগি থকা, পেচাবৰ পৰিমাণ কম হোৱা আদি একাধিক লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি জৰুৰী৷
শৰীৰত ডায়েবেটিছ ৰোগৰ উপস্থিতিৰ বাবেও এইবোৰ লক্ষণ দেখা দিব পাৰে৷ অন্যৰ দৰে ডায়েবেটিছত আক্ৰান্ত হ’লে হজম কৰিব নোৱৰা হয়৷ যাৰ ফলত প্ৰস্ৰাৱৰ জৰিয়তে দুৰ্গন্ধ বাহিৰ হোৱাৰ আশংকা থাকে৷ সেয়ে ডায়েবেটিছত ভোগা লোকৰ সঘনাই পেচাব কৰাৰ প্ৰৱণতা বাঢ়ে৷
প্ৰস্ৰাৱৰ পৰা উৎকট গোন্ধ ওলোৱাৰ এটা অন্যতম কাৰণ হ’ল ছেক্সুৱেল ট্ৰান্সমিটেড ইনফেকশ্যন৷ ইয়াৰ সংক্ৰমণৰ ফলত প্ৰস্ৰাৱ তথা মূত্ৰাশয়ত অতি বেছি নেতিবাচক প্ৰভাৱ পেলায়৷ এই সংক্ৰমণ হ’লে কেতিয়াবা মূত্ৰনলীৰ প্ৰদাহ সৃষ্টি হয়, যিয়ে প্ৰস্ৰাৱৰ গোন্ধৰ পৰিৱৰ্তন আনিব পাৰে৷ সেয়ে যৌনতাৰ মাধ্যমেৰে পৰিবাহীত হোৱাৰ উপৰি মূত্ৰনলীৰ সংক্ৰমণেও দুৰ্গন্ধযুক্ত প্ৰস্ৰাৱৰ কাৰণ হ’ব পাৰে৷
কিডনীত পাথৰ জমা হোৱাৰ বাবেও প্ৰস্ৰাৱৰ পৰা বেয়া দুৰ্গন্ধ ওলাব পাৰে৷ ছডিয়াম বা অন্য খনিজ পদাৰ্থ জমা হোৱাৰ ফলতে কিডনীত পাথৰৰ সৃষ্টি হয়৷ এই জমা হোৱা উপাদানবোৰ প্ৰস্ৰাৱৰ দুৰ্গন্ধৰ অন্যতম কাৰণ হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here