প্ৰধানমন্ত্ৰীৰ উদ্বোধন : এছিয়াৰ সৰ্ববৃহৎ জৈৱ-চি এন জি প্ৰকল্প

0
479

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়াৰ সৰ্ববৃহৎ জৈৱ-চি এন জি প্ৰকল্প ইন্দোৰৰ গোবৰ-ধন প্ৰকল্প উদ্বোধন কৰে৷ ভাৰ্চুৱেলী এই অনুষ্ঠানত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জৈৱ-চি এন জি প্ৰকল্পৰ উদ্যোগ অতি গুৰুত্বপূৰ্ণ, কাৰণ ঘৰ, পশু আৰু ফাৰ্মৰ তিতা আৱৰ্জনা এতিয়া কামত আহিব৷ 
তেওঁ আৰু কয় যে অহা দুবছৰত সম্পূৰ্ণ হোৱাকৈ দেশৰ ৭৫টা প্ৰধান পৌৰ নিগমত এনেধৰণৰ আৰু ফাৰ্মৰ তিতা আৱৰ্জনা এতিয়া কামত আহিব৷ 
তেওঁ আৰু কয় যে অহা দুবছৰত সম্পূৰ্ণ হোৱাকৈ দেশৰ ৭৫টা প্ৰধান পৌৰ নিগমত এনেধৰণৰ গোবৰ-ধন জৈৱ-চি এন জি প্ৰকল্প নিৰ্মাণৰ কাম চলাই থকা হৈছে৷ 
এই অভিযানৰ ফলত অৱশেষত ভাৰতৰ মহানগৰবোৰ পৰিষ্কাৰ, প্ৰদূষণমুক্ত হ’ব আৰু পৰিষ্কাৰ শক্তি লাভ কৰা হ’ব৷ এই উদ্বোধনী অনুষ্ঠানত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত আছিল৷ 
এই গোবৰ-ধন প্ৰকল্পৰ প্ৰতিদিনে ৫৫০ টন আছুতীয়া কৰা তিতা জৈৱিক আৱৰ্জনাক পৰিৱৰ্তন কৰি ১৭,০০০ কিল’গ্ৰাম চি এন জি (কম্প্ৰেছ্‌ড নেচাৰেল গেছ) আৰু ১০০ টন জৈৱিক সাৰ উৎপাদন কৰাৰ ক্ষমতা আছে৷ 
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে এই প্ৰকল্পই জৈৱিক সাৰৰ সৈতে সেউজ শক্তি উৎপাদন কৰাৰ লগতে সেউজ গৃহ গেছ নিৰ্গমন হ্ৰাস কৰাৰ আশা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here