প্ৰদূষণ ৰোধৰ পদক্ষেপ চকা ফুটাই দিলে এছ ইউ ভিৰ

0
780

‘দ্য টায়াৰ এক্সটিংগুইশ্বাৰ্ছ’ নামৰ পৰিৱেশ কৰ্মীসকলৰ এটা গোটে  আঠখন দেশত প্ৰায় ৯০০খন এছ ইউ ভিৰ চকা ফুটাই দিয়া বুলি দাবী কৰে৷ দ্য গাৰ্ডিয়ান বাতৰি কাকতে এই বাতৰি দিছে৷ এটা বিবৃতিত গোটটোৱে কয় যে প্ৰদূষণ সৃষ্টি কৰা প্ৰায় ৯০০খন এছ ইউ ভিৰ চকা ফুটাই দিয়া হয়৷ তেওঁলোকে কয় যে নেদাৰলেণ্ড, ফ্ৰান্স, জাৰ্মানি, ইউ কে, ছুইজাৰলেণ্ড, আমেৰিকা, অষ্ট্ৰিয়াকে ধৰি আঠখন দেশৰ ভালেমান প্ৰধান মহানগৰত গোটটোৰ কৰ্মকৰ্তাসকলে গাড়ীবোৰৰ চকা ফুটাই দিয়ে৷ গোটটোৰ মতে, অতি বেছি প্ৰদূষণ সৃষ্টিকাৰী বাহনবোৰৰ বিৰুদ্ধে এইটোৱেই বৃহত্তম আন্তঃৰাষ্ট্ৰীয় সমন্বিত কাৰ্যব্যৱস্থা৷ তেওঁলোকে দাবী কৰে যে মাৰ্চৰ পৰা এতিয়ালৈকে তেওঁলোকে বিশ্বৰ বিভিন্ন মহানগৰত ১০ হাজাৰৰো অধিক এছ ইউ ভিৰ চকা ফুটাই দিছে৷ তেওঁলোকে কয় যে এছ ইউ ভি আৰু বাহনবোৰ জনস্বাস্থ্য, জনসুৰক্ষা আৰু জলবায়ুৰ বাবে বিপদ৷ এমুঠিমান লোকে তেওঁলোকৰ সম্পত্তি দেখুৱাবলৈ নগৰ, মহানগৰবোৰত ডাঙৰ ডাঙৰ গাড়ী কিনিছে আৰু তেনে বাহনবোৰে বাট-পথত প্ৰভাৱ বিস্তাৰ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here