প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশ পৰিৱেশ-অনুকূল দীপাৱলী পালন কৰক

0
224

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী৷ প্ৰতিবছৰেই  দীপাৱলীৰ সময়ত প্ৰদূষণ ৰোধ কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰে৷ এইবাৰো ৰাজ্যত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে  দীপাৱলীৰ সময়ত আতচবাজীৰ ফলত সৃষ্টি হোৱা শব্দ আৰু বায়ু প্ৰদূষণ নিৰীক্ষণ কৰিবলৈ গুৱাহাটী চহৰত এটা পষেকীয়া ড্ৰাইভ আৰু আন সাতখন ঠাইত দুদিনীয়া অভিযান চলাবলৈ সিদ্ধান্ত লৈছে৷ উচ্ছতম ন্যায়ালয়ৰ ৰায়ৰ কাৰ্যকৰীকৰণ নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে৷ সেই অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত আতচবাজী ফুটোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷  উচ্ছতম ন্যায়ালয়ে ১২৫ ডেছিবল্‌ বা ১৪৫ ডেছিবলতকৈ অধিক শব্দৰ স্তৰ সৃষ্টি কৰা আতচবাজী নিৰ্মাণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছিল৷ 
সেয়ে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ১৮ অক্টোবৰত গুৱাহাটী, ডিব্ৰুগড়, নগাঁও, গোলাঘাট, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁৱৰ কিছুমান স্থানত দেৱালীৰ পূৰ্বে পৰিৱেশৰ বায়ুৰ মান আৰু শব্দ-স্তৰৰ নিৰীক্ষণ কৰিব৷ ইয়াৰ পাছত পুনৰ দেৱালীৰ দিনা একেধৰণৰ অভিযান চলাব৷ দেৱালীৰ প্ৰাকমুহূৰ্তত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ৰাজ্যখনত গ্ৰীন ফট্‌কাৰ বাহিৰে সকলোধৰণৰ আতচবাজী ফুটোৱা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে৷ ৰাষ্ট˜ীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰি উৎসৱৰ বতৰত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দিয়া এই নিৰ্দেশ পৰৱৰ্তী অধিসূচনা জাৰি নকৰালৈকে বাহাল থাকিব৷ আনহাতে দীপাৱলীৰ কেইদিন দুঘণ্টাৰ বাবে গ্ৰীন ফট্‌কা, অৰ্থাৎ তুলনামূলকভাৱে পৰিৱেশ-অনুকূল ফট্‌কা ফুটাবলৈ অনুমতি দিয়া হৈছে৷ ইফালে ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক আতচবাজী যোগান বন্ধ কৰিবলৈ ব্যৱস্থা হাতত ল’বলৈও কোৱা হৈছে৷  ইয়াৰ অন্যথা এই নিৰ্দেশ কোনোবাই ভংগ কৰিলে বা অবৈধভাৱে ফটকা মজুত কৰি ৰখা, বিক্ৰী কৰে লোকক ক্ষেত্ৰতো বিভাগে নিৰ্দেশ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here