প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

0
209


পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত [এলিয়েন ছিগ্‌নেল] প্ৰেৰণ কৰা হৈছে৷ আন এটা সভ্যতাৰ পৰা এটা সঁচা বা বাস্তৱ সংকেত পাওঁ তেন্তে তেনে অৱস্থাত পৰিস্থিতি এটা অনুকৰণ [ছিমুলেট] কৰিবলৈ ইউৰোপিয়ান স্পেচ এজেঞ্চিৰ এগ্‌জ’মাৰ্চ ট্ৰেচ গেছ অৰ্বিটাৰটোৱে [টি জি অ’] মঙল গ্ৰহৰ চৌপাশৰ ইয়াৰ কক্ষপথৰ পৰা পৃথিৱীলৈ এটা এনক’ডেড মেছেজ প্ৰেৰণ কৰে৷ ১৬ মিনিটৰ পাছত সংকেতটোৱে পৃথিৱীত খুন্দা মাৰে৷ ‘এ ছাইন ইন স্পেচ’ প্ৰকল্পৰ আঁৰৰ শিল্পী ডেনিয়েলা ডে পাউলিছে কয় যে বহিঃবিশ্বৰ সভ্যতা এটাৰ পৰা বাৰ্তা এটা পোৱাটো সমগ্ৰ মানৱ জাতিৰ বাবে এটা ৰূপান্তৰধৰ্ম অভিজ্ঞতা হ’ব৷ ছাৰ্চ ফৰ একষ্ট্ৰাটেৰেষ্ট্ৰিয়েল ইণ্টেলিজেন্স ইনষ্টিটিউটৰ এগৰাকী আৰ্টিষ্ট ইন ৰেছিডেন্স পাউলিছে বহিঃবিশ্বৰ বাৰ্তা অৰ্থ উলিওৱা আৰু ধৰা পেলোৱাৰ প্ৰক্ৰিয়াৰ সন্ধান কৰিবলৈ এটা প্ৰকল্প সৃষ্টি কৰিবৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকল, মহাকাশ বিজ্ঞানীসকল আৰু শিল্পীসকলৰ এটা দলক একগোট কৰিছে৷ সাংকেতিক বাৰ্তাটো প্ৰেৰণ কৰে ইউৰোপিয়ান প্ৰবে উল্লিখিত প্ৰকল্পটোৰ অংশ হিচাপে আৰু গ্ৰহণ কৰে বা পায় গ্ৰীন বেংক টেলিস্কোপ [ৱেষ্ট ভাৰ্জিনিয়া], মেডিচিনা ৰেডিঅ’ এষ্ট্ৰনমিকেল ষ্টেছন [ইটালি], এলেন টেলিস্কোপ আৰে [কেলিফৰ্নিয়া] আৰু ভেৰি লাৰ্জ আৰেই [নিউ মেক্সিকো]৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here