প্ৰচণ্ড গৰমৰ কবলত ৰাজস্থান

0
486

শীতকাল শেষ হৈ বসন্তত ভৰি দিয়াৰ লগে লগে ভূপৃষ্ঠত ক্ৰমান্বয়ে তাপমানৰ মাত্ৰা বৃদ্ধি হৈছে৷ ইয়াৰ ফলস্বৰূপে বৰ্তমান সময়ত দেশৰ কেইবাখনো ৰাজ্য প্ৰচণ্ড গৰমৰ কবলত পৰিছে৷ ইয়াৰ ভিতৰত অন্যতম হৈছে ৰাজস্থান৷ যোৱা ৪৮ ঘণ্টাধৰি ৰাজস্থানৰ বিভিন্ন অঞ্চলত তাপমাত্ৰা যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ তাৰ ভিতৰত বাৰ্মাৰত তাপমান অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰী কৰা মতে বৰ্তমান সময়ত ৰাজস্থানৰ বাৰ্মাৰত সৰ্বাধিক ৪৩.২ ডিগ্ৰী চেলচিয়াছলৈ তাপমান বৃদ্ধি পাইছে৷ ইফালে বিভাগে জনোৱা মতে অহাকেইদিনত মধ্যপ্ৰদেশৰ পশ্চিম প্ৰান্ত, গুজৰাট, তেলেংগানা আদি ৰাজ্যতো তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷  আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে, উত্তৰাখণ্ড, হাৰিয়ানা, দিল্লী, কৰ্ণাটক, ছট্টিশগড়, কেৰালা, তামিলনাডু আদি ৰাজ্যবোৰতো তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ গৰমৰ আৰম্ভণিতে এইদৰে হঠাতে কিছু ৰাজ্যৰ তাপমান বৃদ্ধি অস্বস্তিত পেলাইছে ৰাইজক৷ কিয়নো এনে অৱস্থাত জনসাধাৰণে গৰমৰ প্ৰকোপত ঘৰৰ বাহিৰলৈ ওলাবলৈকে চিন্তা কৰিবলগীয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here