পেকেজিং খাদ্যৰ বৰ্ধিত ব্যৱহাৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি

0
227

বৰ্তমান সময়ত পেকেজড খাদ্যৰ চাহিদা বৃদ্ধি পাইছে৷ সমগ্ৰ বিশ্বতে পেকেজড খাদ্যৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে বৃদ্ধিৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে বিভিন্ন হৃদৰোগজনিত সমস্যা বা অন্যান্য অসংক্ৰমিত ৰোগৰ সংখ্যা৷ এই মত ব্যক্ত কৰিছে কনজিউমাৰ্ছ লিগেল প্ৰটেক্‌শ্যন ফ’ৰাম, অসম আৰু কনজিউমাৰ ভয়েচ নতুন দিল্লীৰ চিকিৎসা বিশেষজ্ঞৰ৷  দুয়োটা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠান চিকিৎসা বিশেষজ্ঞসকলে পেকেজিং খাদ্যৰ বৰ্ধিত ব্যৱহাৰে জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি কৰা ভাবুকিত আশংকা প্ৰকাশ কৰিছে৷ কৰ্মশালাখনত উপস্থিত থকাসকলে কয় যে পেকেজিং ফুড ব্যৱহাৰৰ ফলত আমাৰ শিশু আৰু নৱপ্ৰজন্মৰ জীৱনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে৷ ইয়াৰ লগতে কৰ্মশালাত বক্তাসকলে উল্লেখ কৰে যে গ্ৰাহকে যাতে উপযুক্ত খাদ্য বাছনি কৰিব পাৰে, তাৰ বাবে পেকেজড ফুডৰ ওপৰত স্বাস্থ্য-সম্বন্ধীয় সতৰ্ক বাৰ্তা বাধ্যতামূলকভাৱে উল্লেখ থাকিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here