পৃথিৱীৰ আটাইতকৈ বাসোপযোগী মহানগৰ কোনখন ?

0
206

বিশ্বৰ আটাইতকৈ বাসোপযোগী মহানগৰ হিচাপে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাই পুনৰ প্ৰথম স্থান অধিকাৰ কৰিছে৷ আজি ‘ইকনমিষ্ট’ত প্ৰকাশিত এখন বাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছে যে নিউজিলেণ্ডৰ অকলেণ্ডক চেৰ পেলাই ভিয়েনাই প্ৰথম স্থান অধিকাৰ কৰে৷ অকলেণ্ডৰ স্থান প্ৰথমৰ পৰা ৩৪ নম্বৰলৈ অৱনমিত হয়৷ 
আনহাতে ৰাছিয়াৰ মস্কো আৰু ছেইণ্ট পিটাৰ্ছবাৰ্গৰ স্থান অৱনমিত হয়৷ ২০২১ চনত ভিয়েনাৰ স্থান আছিল ১২ নম্বৰত৷ কিন্তু ২০১৮ আৰু ২০১৯ চনত মহানগৰখন প্ৰথম স্থানত আছিল৷ এই বছৰ পুনৰ প্ৰথম স্থানলৈ উন্নীত হ’ল৷ তাৰ কাৰণ হ’ল মহানগৰখনৰ সুস্থিৰতা, ভাল আন্তঃগাঁথনি, উন্নত স্বাস্থ্য সেৱা, সংস্কৃতি আৰু মনোৰঞ্জনৰ বাবে যথেষ্ট সুযোগ-সুবিধা আদি৷ 
এইবোৰেই মহানগৰখনৰ বাসিন্দাসকলৰ বাবে প্ৰধান আকৰ্ষণ৷ শীৰ্ষ দহখন মহানগৰৰ ভিতৰত ছখন ইউৰোপৰ– প্ৰথম স্থানত ভিয়েনা, দ্বিতীয় স্থানত ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেন, তৃতীয় স্থানত ছুইজাৰলেণ্ডৰ জুৰিখ, ছুইজাৰলেণ্ডৰ জেনেভা মহানগৰে ষষ্ঠ স্থান, জাৰ্মানিৰ ফ্ৰেংকফুৰ্টে সপ্তম আৰু নেদাৰলেণ্ডৰ আমষ্ট্ৰাৰডামে নৱম স্থান লাভ কৰে৷ কানাডাৰ কেলগাৰি মহানগৰে যুটীয়াভাৱে তৃতীয় স্থান, ভেনকুভাৰ মহানগৰে পঞ্চম স্থান আৰু টৰণ্টোৱে পঞ্চম স্থান লাভ কৰে৷ জাপানৰ ওছাকা আৰু অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ন যুটীয়াভাৱে দশম স্থানত আছে৷ পেৰিছে লাভ কৰে ১৯সংখ্যক স্থান৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here