পুৱাৰ ৰ’দ-কাঁচলিয়ে আমাৰ দেহত কিদৰে প্ৰভাৱ পেলায় ?

0
787

আমি বহুতেই নেজানো যে ৰ’দত কি ভিটামিন থাকে বা ৰ’দ পোৱালে আমাৰ কি উপকাৰ হয় ? আমাক সৰুৰে পৰা শিকোৱা হয় যে গছ- গছনিৰ বাবে সূৰ্যৰ পোহৰ কিমান দৰকাৰী,কিন্তু আমাৰ শৰীৰৰ বাবে কিমান দৰকাৰী সেয়া শিকোৱা
নহয় । সূৰ্যৰ পোহৰ যিদৰে গছ-গছনিৰ বাৱে দৰকাৰী আমাৰ শৰীৰৰ বাবে অত্যন্ত আৱশ্যকীয়। সচৰাচৰ আমি যদি ঠাণ্ডাৰ দিনত পুৱাৰ ১২ বজাৰ ভিতৰত পুৱাৰ ভাগত আৰু গৰমৰ দিনত পুৱা ৯/১০ বজাৰ ভিতৰত গাত ৰ’দ লগাব পাৰোঁ, ই শৰীৰৰ বাবে খুবেই ভাল । পুৱাৰ ভাগৰ ৰ’দখিনি শৰীৰৰ বাবে খুবেই উপযোগী বা লাভদায়ক । ৰ’দত ভিটামিন-ডি থাকে । ৰ’দ পোৱালে বহুতো ৰোগৰ পৰাও হাত সাৰিব পাৰি । সূৰ্যৰ পোহৰে টোপনি ভাল কৰে । সূৰ্যৰ পোহৰ গাত লগালে ডায়েবেটিছ, বাত বিষ, গাৰ বিষ, ছালৰ ৰোগ , থায়েৰয়ড, উচ্চ ৰক্তচাপ আদি ৰোগৰ পৰা নিৰাময় পাব পাৰি । কেৱল শৰীৰেই নহয় সূৰ্যৰ পোহৰে আমাক মানসিকভাৱে সুস্থ থকাতো সহায় কৰে । যদি আমি সঠিক সময়ত সূৰ্যৰ পোহৰ চাওঁ , সেই ৰশ্মি পোনপটীয়াকৈ মগজুত প্ৰভাৱ পৰে৷ তেতিয়া আমাৰ মনোনিবেশ কৰে ক্ষমতা আৰু চিন্তা শক্তিৰ বৃদ্ধি হয় । আমাৰ চকু মগজুৰেই এক অংশ । ইয়াৰ ফলত মানসিক ৰোগ, মাইগ্ৰেন , মূৰৰ বিষ আদিৰ পৰা সকাহ পাব পাৰি । যিবোৰ কাম দামী দামী ঔষধেও কেতিয়াবা কৰিব নোৱাৰে ৷ সেই কাম সূৰ্যৰ ৰশ্মিৰ ফলত সহজতে ফলাফল ল’ব কৰিব পাৰি । সূৰ্যৰ ৰশ্মিয়ে হাড় মজবুত কৰাৰ লগতেই আমাক সুখী হৈ থাকি সুস্থ চিন্তা কৰাত সহায় কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here