পুৰুষৰ ক্ষেত্ৰত ছ’ৰাইছিছ ৰোগৰ প্ৰভাৱ বেছি

0
479

ভাৰতত ছ’ৰাইছিছে ২৫ নিযুতৰো অধিক ৰোগীক প্ৰভাৱিত কৰে, যি মুঠ গোলকীয় ৰোগৰ বোজাৰ প্ৰায় ২০ শতাংশ অৰিহণা যোগায়৷ ছ’ৰাইছিছ পৰিচালনা কৰা পুৰুষসকলে কেইটামান নিৰ্দিষ্ট লক্ষণ যেনে– খজুৱতি, দাঢ়ি-চুলি সৰা আৰু ছাল ক্ষয় হোৱা আদিৰ ওপৰত নিৰীক্ষণ ৰাখিব লাগে৷
এই সন্দৰ্ভত গুৱাহাটীৰ এছেঞ্চ স্কিন ক্লিনিকৰ চিকিৎসা সঞ্চালক, পৰামৰ্শদাতা ডাৰ্মাটোলজিষ্ট আৰু কিউটেনিয়াছ ছাৰ্জন ডাঃ অৰুণা দেৱীয়ে কয় যে চিকিৎসা অনুসৰণ নকৰাটো কাৰ্যকৰী ছ’ৰাইছিছ ব্যৱস্থাপনাৰ বাবে এক ডাঙৰ বাধা৷ এক পৰ্যবেক্ষণৰ ওপৰত আধাৰিত কৰি প্ৰায় ৪০ শতাংশ পুৰুষে বিভিন্ন কাৰণত চিকিৎসা এৰি দিয়ে৷ 
পুৰুষসকলে প্ৰায়ে জটিল ৰোগ সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰাৰ পৰা বিৰত থাকে আৰু চিকিৎসা অব্যাহত ৰাখিবলৈ নিবিচাৰে৷ সজাগতাই ছ’ৰাইছিছ ৰোগীসকলক ব্যক্তিগত চিকিৎসাৰ সম্ভাৱনা প্ৰদৰ্শন কৰি উন্নতি কৰাত সহায় কৰিব পাৰে৷ পুৰুষৰ যত্নৰ বাবে নিৰ্দিষ্ট, কেইবাটাও বিশেষজ্ঞ-অনুমোদিত চিকিৎসা বিকল্প আছে৷ জৈৱ বিজ্ঞানে ৰোগচক্ৰটো ব্যাহত কৰা আৰু সকাহ প্ৰদান কৰাত অত্যন্ত কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here