পুৰণি টুথব্ৰাছ পেলাই দিয়ে নেকি? Do you discard old toothbrushes?

0
328
দাঁত দুপাৰিৰ সুস্থতাৰ কাৰণে চিকিৎসকে প্ৰায়ে আমাক এডাল টুথব্ৰাছ তিনি-চাৰি মাহৰ মূৰত সলনি কৰিবলৈ পৰামৰ্শ দিয়ে৷ তাৰ পাছত আপুনি পুৰণি টুথব্ৰাছডাল কি কৰে? নিশ্চয় পেলাই দিয়ে৷ কিন্তু আজি আমি আপোনালোকক এনেকুৱা কিছুমান টিপছ ক’ম, যাৰ জৰিয়তে আপুনি পুৰণি টুথব্ৰাছডাল ঘৰৰ কিছু কামত সদ্ব্যবহাৰ কৰিব পাৰিব৷

(১) পানীৰ বটল চাফা কৰাত আপুনি আপোনাৰ পুৰণি টুথব্ৰাছডাল ব্যৱহাৰ কৰিব পাৰে৷ যিহেতু পানীৰ কিছুমান বটলৰ মুখখন সৰু থাকে৷ সেয়েহে টুথব্ৰাছডাল সহজে সোমাই যোৱাত সুবিধা হয়৷

Washing bottles and teats | Canpolbabies.com


(২) আপুনি সদায় পিন্ধি থকা আঙঠি, খাৰু, চেইন আদি চাফা কৰোঁতেও টুথব্ৰাছডাল ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে জুৱেলাৰীখিনি কিছু সময় কুহুমীয়া পানীত তিয়াই ৰাখি টুথব্ৰাছেৰে চাফা কৰা উচিত৷

Avoid These 3 Homemade Jewelry Cleaners | Jewelers Mutual


(৩) ব্লেণ্ডাৰ মেচিন চাফা কৰাত আপোনাৰ পুৰণি টুথব্ৰাছ ব্যৱহাৰ কৰিব পাৰে৷ ব্লেণ্ডাৰ মেচিনত থকা ব্লেডখনৰ বাবে আপুনি হাতেৰে চাফা কৰিলে হয়তো হাত কটাৰ সম্ভাৱনা থাকিব পাৰে৷ এনে ক্ষেত্ৰত আপুনি টুথব্ৰাছ ব্যৱহাৰ কৰা উচিত৷


(৪) কম্পিউটাৰৰ কী ব’ৰ্ডৰ মাজত জমা হোৱা ধূলি-বালি নাইবা খোৱাবস্তু আদি চাফা কৰা কঠিন হয়৷ ইয়াক চাফা কৰাৰ সহজ উপায়টো হৈছে টুথব্ৰাছডাল এলকহল ছেনিটাইজাৰত ডুবাই লৈ চাফা কৰিব লাগে৷

cleaning keyboard with a toothbrush - Ebuyer Blog


(৫) দীঘল নখৰ তলত বিভিন্ন ধৰণৰ বীজাণুৱে থিতাপি লয়৷ সেয়েহে ইয়াক পৰিষ্কাৰ কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয়৷ ইয়াৰ বাবে কুহুমীয়া পানীত নখকেইটা তিয়াই টুথব্ৰাছেৰে ভালকৈ চাফা কৰক৷

7 Brilliant Toothbrush Beauty Hacks

LEAVE A REPLY

Please enter your comment!
Please enter your name here