পানীৰ পৰা অক্সিজেন প্ৰস্তুত কৰা যন্ত্ৰ (Device to produce oxygen from water)

0
418
জীৱকুলৰ বাবে প্ৰাণবায়ুস্বৰূপ অক্সিজেন গেছ বায়ুমণ্ডলৰ পৰা সংগ্ৰহ কৰাৰ পৰিৱৰ্তে পানীৰ পৰা অতি কম খৰচত বিশুদ্ধ অক্সিজেন সংগ্ৰহ আৰু প্ৰদানৰ এক অভিলাষী যন্ত্ৰৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছে তেজপুৰ বিশ্ববিদ্যালয়ে৷ বিগত বৰ্ষত কৰ’না পৰিস্থিতিগত কাৰণত দেশৰ বিভিন্ন প্ৰান্তত বহুসংখ্যক কভিড ৰোগীয়ে অক্সিজেনৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাৰ লগতে একাংশই অক্সিজেনৰ অভাৱত মৃত্যুক সাবটি ল’ব লগা হৈছিল৷ এনে পৰিস্থিতি অনুধাৱন কৰিয়েই তেজপুৰ বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু সংযোগ অভিযান্ত্ৰিক বিভাগে শেহতীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে অতি কম খৰচ আৰু অতি কম সময়ত পানীৰ পৰা অক্সিজেন প্ৰস্তুত কৰা এটা ক্ষুদ্ৰ অক্সিজেন কনছেনট্ৰেটৰ৷ অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে উক্ত অক্সিজেন কনছেনট্ৰেটৰ যন্ত্ৰ নিৰ্মাণ কৰা বাতৰিয়ে স্বাভাৱিকতে চিকিৎসা ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ উল্লেখ্য যে সাম্প্ৰতিক কালত কয়লা আৰু তেলৰ দৰে ইন্ধনেৰে চালিত বিভিন্ন যন্ত্ৰৰ লগতে অক্সিজেন প্লাণ্টসমূহৰ যন্ত্ৰই বায়ুমণ্ডলৰ পৰা অক্সিজেন সংগ্ৰহ কৰাৰ বিপৰীতে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে৷ যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পোৱাই নহয়, মানৱ সমাজে শ্বাস-প্ৰশ্বাসজনিত ৰোগতো আক্ৰান্ত হয়৷ এনেবোৰ গুৰুত্বপূৰ্ণ বিষয় অনুধাৱন কৰাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ৰ উল্লিখিত বিভাগটোৰ অধ্যাপক পাৰ্থপ্ৰতিম চাহু আৰু গৱেষক ছাত্ৰ জগত দাসৰ বিশেষ ভূমিকাত এই অভিলাষী তথা ক্ষুদ্ৰাকৃতিৰ অক্সিজেন প্ৰস্তুতকৰণ যন্ত্ৰ সাজি উলিয়াইছে৷ মেক ইন ইণ্ডিয়াৰ অংশ হিচাপে অতি কম খৰচত অক্সিজেন উপলব্ধ কৰাৰ পৰা যন্ত্ৰ উলিওৱা হৈছে বুলি অধ্যাপক আৰু গৱেষক ছাত্ৰগৰাকীয়ে জানিবলৈ দিয়াৰ লগতে যন্ত্ৰটো পেটেণ্টৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here