পথ-শিশুৰ পুনৰসংস্থাপনৰ ব্যৱস্থাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

0
515

দেশৰ উচ্চতম ন্যায়ালয়ে ভাৰতৰ পদপথৰ শিশুসকলৰ চিনাক্তকৰণ, উদ্ধাৰ আৰু পুনৰসংস্থাপনৰ বাবে ৰাজ্যসমূহ তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ বিশেষভাৱে নিৰ্দেশ প্ৰেৰণ কৰে৷ ৰাজ্যসমূহক পথৰ শিশুসকলক উদ্ধাৰ কৰি পুনৰ সংস্থাপিত কৰাত ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পাছতে বিষয়টোৱে বিভিন্ন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে উচ্চতম ন্যায়ালয়ে শিশু অধিকাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় আয়োগৰ অধীনত এক উমৈহতীয়া এছ অ’ পি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও ঘোষণা কৰিছে৷ মন কৰিবলগীয়া কথা যে পদপথৰ শিশুসকলে বিভিন্ন সময়ত নানা দুখ-যন্ত্ৰণা ভোগ কৰি আহিবলগীয়া হৈছে৷ পথত সৃষ্টি হোৱা অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখি হৈ অধিক সময় বিশৃংখল জীৱন অতিবাহিত কৰিব লগাত পৰে এনে পদপথত বাস কৰা শিশুসকল৷ সেয়েহে এন চি পি আৰে প্ৰদান কৰা পৰামৰ্শসমূহলৈ লক্ষ্য ৰাখি এনে শিশুসকলৰ পুনৰসংস্থাপনৰ ব্যৱস্থাৰ বাবে নীতি প্ৰস্তুত কৰিবলৈ উচ্চতম ন্যায়ালয়ে ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here