নীল আকাশৰ বাবে নিৰ্মল বায়ু আন্তৰ্জাতিক দিৱস পালন : ক’ত ?

0
951

বিশ্বত সম্প্ৰতি বায়ু প্ৰদূষণ এক মাৰাত্মক ঘাতকত পৰিণত হৈছে৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ শেহতীয়া তথ্যৰে বিশ্বত বছৰি প্ৰায় ৭ নিযুত লোকৰ বায়ু প্ৰদূষণৰ বাবে অকাল মৃত্যু হয় বুলি সদৰী কৰিছে৷ আনকি পৰিস্থিতি এনে পৰ্যায় পাইছে যে বায়ু প্ৰদূষণৰ বাবে আজিৰ উঠি অহা নতুন প্ৰজন্মই নীল আকাশৰ মনোৰম দৃশ্য উপভোগ কৰাৰ পৰা বঞ্চিত হোৱাৰ লগতে নিৰ্মল বায়ু সেৱনৰ পৰাও বঞ্চিত হ’ব লগা হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ৭ ছেপ্টেম্বৰৰ দিনটো ‘নীল আকাশৰ বাবে নিৰ্মল বায়ু আন্তৰ্জাতিক দিৱস’ উদ্‌যাপন কৰি আহিছে৷ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ চৌহদৰ আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰত বিমান বন্দৰ কৰ্তৃপক্ষৰ উদ্যোগত আৰু পি চি বি এৰ সহযোগত ‘নীল আকাশৰ বাবে নিৰ্মল বায়ু আন্তৰ্জাতিক দিৱস’ পালন কৰা হয়৷ আনহাতে দিৱসৰ লগত সংগতি ৰাখি ‘বায়ু আমাৰ উমৈহতীয়া সম্পদ’ শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ পি চি বি এৰ সদস্য সচিব ড॰ শান্তনু কুমাৰ দত্তৰ আদৰণী ভাষেণেৰে শুভাৰম্ভ হোৱা আলোচনাচক্ৰত অধ্যক্ষতা কৰে বৰঝাৰ বিমান বন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ পৰামৰ্শদাতা ড॰ জ্যোতিলীনা শইকীয়াই আঁত ধৰা আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে আই আই টি, গুৱাহাটীৰ অধ্যাপক ড॰ এছ গোখলে, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহাল, বিশিষ্ট পৰিৱেশবিদ ড॰ কৃষ্ণ গোপাল ভট্টাচাৰ্য উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here