নিৰন্তৰ প্ৰচেষ্টাৰ ফল : অপুষ্টিত ভোগা ৯৫.৬ শতাংশ শিশু স্বাভাৱিক অৱস্থালৈ

0
1303

বঙাইগাঁও জিলাৰ উপায়ুক্ত আই এ এছ বিষয়া ডাঃ লক্ষ্মীপ্ৰিয়াই নিৰন্তৰ প্ৰচেষ্টাৰে মাত্ৰ এটা বছৰতে বঙাইগাঁও জিলাত অপুষ্টিত ভুগি থকা  ৯৫.৬ শতাংশ শিশুক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ সক্ষম হৈ  প্ৰধানমন্ত্ৰীৰ উদ্ভাৱনী জিলা শিতানত উৎকৰ্ষৰ বঁটা লাভ কৰিছে৷ 
২০২০ চনৰ ছেপ্টেম্বৰ মাহত বিশ্ব স্বাস্থ্য সংস্থাৰ  বিকাশৰ তালিকাৰ তথ্যৰ ভিত্তিত জিলাখনত ২৪১৬টি শিশুক অপুষ্টিত ভুগি থকা বুলি চিনাক্ত কৰা হৈছিল৷ এই শিশুসকলক স্বাভাৱিক অৱস্থালৈ আনিবৰ বাবে এটা বিশেষ কাৰ্যসূচী ‘প্ৰজেক্ট সম্পূৰ্ণা’ৰ পৰিকল্পনা কৰিছিল জিলাখনৰ উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়া এম এছে৷ 
জিলাখনৰ পাঁচটা আই চি ডি এছ প্ৰজেক্টৰ অধীনত থকা অংগনৱাড়ী কেন্দ্ৰসমূহত ৰীক্ষামূলকভাৱে প্ৰথম তিনি মাহৰ বাবে অধিক প্ৰ’টিন থকা খাদ্য প্ৰদানৰ ব্যৱস্থা কৰা হয়৷ উপলব্ধ খাদ্যৰ সৈতে অতিৰিক্তভাৱে কণী আৰু গাখীৰৰ ব্যৱস্থা কৰা হয়৷ 
শিশুসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰ’টিনযুক্ত অতিৰিক্ত খাদ্য প্ৰদান কৰি অহা হৈছিল৷ ২০২১ চনত সমীক্ষাত দেখা যায় যে অপুষ্টিত ভোগা শিশুৰ সংখ্যা ১১৭৮লৈ হ্ৰাস পাইছে৷ যোৱা জানুৱাৰী মাহলৈকে জিলাখনত মাত্ৰ ১৯১টি শিশুহে অপুষ্টিত ভুগি থকা বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ বিকাশৰ তালিকাৰ তথ্যত পোৱা গৈছে৷
জিলাখনত সামগ্ৰিকভাৱে ৯৫.৬ শতাংশ শিশুক অপুষ্টিমুক্ত কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকৰ মাতৃসকলকো স্বাৱলম্বী হোৱাৰ বাবে অনুপ্ৰাণিত কৰা ‘প্ৰজেক্ট সম্পূৰ্ণা’ৰ বাবে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙাইগাঁও জিলাক প্ৰধানমন্ত্ৰীৰ উদ্ভাৱনী জিলা শিতানত পুৰস্কৃত কৰে৷ 
প্ৰকল্পটো গ্ৰহণ কৰা আই এ এছ বিষয়া ডাঃ লক্ষ্মীপ্ৰিয়াই কালি প্ৰধানমন্ত্ৰীৰ পৰা নতুন দিল্লীত এই সন্মান গ্ৰহণ কৰে৷ বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰজেক্ট সম্পূৰ্ণা’ৰ প্ৰশংসা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here