নিয়মিত মুড়ি খালে কি লাভ হয় শৰীৰৰ?

0
367

আমাৰ প্ৰায়ভাগৰে পুৱা চাহৰ সৈতে মুড়ি খোৱাৰ অভ্যাস আছে৷ আনহাতে এই কথা সকলোৱে জানে যে মুড়িয়ে এচিডিটি ৰোধ কৰে৷ যিসকলৰ হজমৰ সমস্যা আছে, যিসকল এচিডিটি আছে, তেওঁলোকৰ ক্ষেত্ৰত মুুড়ি খুব উপকাৰী৷

নিয়মিতৰূপে মুড়ি খোৱাৰ অভ্যাস কৰিলে এচিডিটিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ আনহাতে পেটৰ সমস্যা থাকিলে শুকান মুড়ি বা ভজা মুড়ি খালে তাৎক্ষণিক সমাধান পোৱা যায়৷
মুড়িত ভিটামিন-বি আৰু প্ৰচুৰ পৰিমাণে মিনাৰেল থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ যাৰ ফলত হৃদৰোগৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
নিয়মিতভাৱে মুড়ি খালে দাঁত আৰু দাঁতৰ গুৰি ভালে থাকে, কিয়নো মুড়ি চবাওঁতে একধৰণৰ দাঁতৰ ব্যায়াম হয়, যিয়ে দাঁত সবল কৰে৷
আনহাতে মুড়িত কেলচিয়াম, আইৰন, ফাইবাৰ আদি পোৱা যায় বাবে হাড় শক্তিশালী কৰাত সহায় কৰে৷
কম কেলৰিযুক্ত খাদ্যৰ ভিতৰত মুড়ি অন্যতম৷ সেয়েহে মুড়ি খোৱাৰ ফলত ক্ষুধা নিবাৰণ হোৱাৰ লগতে কোনোধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে৷
মুড়িত ছ’ডিয়ামৰ পৰিমাণ অত্যন্ত কম থাকে বাবে উচ্ছ ৰক্তচাপত ভোগাসকলৰ বাবে কাৰ্যকৰী

LEAVE A REPLY

Please enter your comment!
Please enter your name here