নিগনিৰ উৎপাতৰ পৰা ৰক্ষা পৰিবলৈ কি কৰিব ?

0
665


প্ৰত্যেকখন ঘৰতে কম-বেছি পৰিমাণে নিগনিৰ আতিশয্য চলা দেখা যায়৷ নিগনিৰ উৎপাতত ঘৰৰ আচবাব পত্ৰ, কাপোৰ-কানি, খোৱা খাদ্য আদি অৱস্থা নোহোৱা কৰে৷ কেতিয়াবা নিপিন্ধাকৈ সাঁচি থোৱা কাপোৰ কাটি গৃহস্থক পয়মালত পেলায়৷ মুঠতে নিগনিৰ উৎপাতত উপায় নাইকিয়া হয়৷ নিগনিত উপদ্ৰৱ নোহোৱা কৰিবলৈ বজাৰৰ পৰা কীটনাশক দ্ৰব্য, ৰাসায়নিক দ্ৰব্য বা পাউডাৰ, ফান আদিৰে বধ কৰা হয় যদিও এইবোৰ বিশেষ সুবিধাজনক নহয়৷ এইবোৰ মানৱ শৰীৰৰ কাৰণে ক্ষতিকাৰক, কিয়নো ইয়াৰ পাৰ্শ্বক্ৰিয়া থাকে৷ সেয়েহে ঘৰুৱা উপায়েৰে নিগনিৰ উৎপাত কিদৰে নোহোৱা কৰিব পাৰে জানো আহক, য’ত নেকি কোনো ছাইড এফেক্ট নাথাকে৷
লঙৰ উৎকট গোন্ধ নিগনিয়ে সহ্য কৰিব নোৱাৰে৷ কেইটামান লং এখন পাতল কাপোৰত বান্ধি যি ঠাইত নিগনি অহা-যোৱা কৰে, তাত ৰাখি দিব৷ লাহে লাহে দেখিব নিগনিৰ উৎপাত কমিছে৷
অথবা অলপ জলকীয়াৰ গুড়ি এখন পাতল কাপোৰত বান্ধি যি বাটেৰে ঘৰৰ ভিতৰলৈ নিগনি প্ৰৱেশ কৰে, সেই ঠাইত ৰাখিব৷ লক্ষ্য কৰিব যে নিগনিয়ে সেই বাট এৰি দিছে৷ অৰ্থাৎ নিগনি ঘৰলৈ প্ৰৱেশ সম্পূৰ্ণ বন্ধ হৈছে৷
নিগনিয়ে পেপাৰমেণ্ট একেবাৰে সহ্য কৰিব নোৱাৰে৷ পেপাৰমেণ্ট কাগজৰ সৰু সৰু টুকুৰা কৰি তেলৰ ভিজাই যি বাটেৰে নিগনিৰ অহা-যোৱা হয়, তাত ৰাখক৷ দেখিব নিগনি পলাই-পত্ৰং দিছে৷
আনহাতে নিগনিৰ সম্ভাব্য থকা ঠাই বা ঘৰৰ চাৰিওফালে বেকিং পাউডাৰ ছটিয়ালে নিগনিয়ে ঘৰত প্ৰৱেশ নকৰে৷ কিয়নো বেকিং পাউডাৰৰ গোন্ধ নিগনিয়ে সহ্য কৰিব নোৱাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here