নতুন বিপদ : যক্ষ্মা বিয়পিছে মানুহৰ পৰা পশুলৈ

0
1274

২০২৫ চনৰ ভিতৰত দেশৰ পৰা টিবি বা যক্ষ্মা নিৰ্মূল অভিয়ান কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰা আৰম্ভ কৰা হৈছে যদিও সম্প্ৰতি যক্ষ্মা ৰোগৰ ক্ষেত্ৰত আন এক নতুন বিপদে মূৰ দাঙি উঠিছে৷ শেহতীয়াভাৱে ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এম আৰৰ এক অধ্যয়নত এই নতুন বিপদৰ কথা পোহৰলৈ আহিছে৷ আই চি এম আৰৰ অধ্যয়নত  প্ৰকাশ পাইছে যে ভাৰতত বিশেষকৈ দাক্ষিণাত্যত মানুহৰ দেহৰ পৰা জন্তুলৈ যক্ষ্মা ৰোগৰ বীজাণু বিয়পিবলৈ আৰম্ভ কৰিছে৷ সেয়েহে ২০২৫ চনৰ ভিতৰত দেশৰ পৰা যক্ষ্মা সম্পূৰ্ণ নিৰ্মূল অভিযান থমকি ৰ’বলগীয়া হৈছে৷ অধ্যয়নটোত প্ৰকাশ যে শেহতীয়াভাৱে পোহনীয়া গৰু-ম’হ আদিৰ দেহত যক্ষ্মাৰ বীজাণু ধৰা পৰিছে৷ ইয়াৰ পৰাই মানুহৰ দেহৰ পৰা জন্তুৰ দেহলৈ যক্ষ্মাৰ বীজাণু সংক্ৰমিত হোৱা বুলি ইতিমধ্যে নিশ্চিত হৈছে বিজ্ঞানীসকলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here