ধূমপান, সুৰাপান আৰু হাই বি এম আই কৰ্কট ৰোগৰ প্ৰধান কাৰক

0
1217

ধূমপান, সুৰাপান আৰু হাই বডী মাছ ইনডেক্সৰ [বি এম আই] কাৰণে ২০১৯ চনত পৃথিৱীত প্ৰায় ৪৪ লাখ ৫০ হাজাৰ লোকৰ কৰ্কট ৰোগত মৃত্যু হয়৷ উল্লিখিত কাৰকেইটাৰ উপৰি অৱশ্যে আন ৰিস্ক্‌ ফেক্টৰো আছে৷ দ্য লেনচেট নামৰ আলোচনীখনত প্ৰকাশিত এটা অধ্যয়নত এই কথা কোৱা হৈছে৷ অধ্যয়নটোৱে আঞ্চলিকভাৱে, ৰাষ্ট্ৰীয়ভাৱে আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে কৰ্কট ৰোগৰ কাৰণে ভগ্ন স্বাস্থ্য আৰু মৃত্যু হ্ৰাস কৰাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত নীতি-নিৰ্ধাৰকসকল আৰু গৱেষকসকলক সহায় কৰিব৷ এই কাৰকবোৰ ফঁহিয়াই চাই তেওঁলোকে প্ৰধান ৰিস্ক্‌ ফেক্টৰবোৰ চিনাক্ত কৰিব পাৰিব৷ 
অধ্যয়নটোৰ জ্যেষ্ঠ সহযোগী লেখক, ইউনিভাৰ্ছিটি অব্‌ ৱাশ্বিংটনৰ ইনষ্টিটিউট অব্‌ হেল্‌থ মেট্ৰিক্সৰ সঞ্চালক খ্ৰীষ্টফাৰ মুৰেই কয় যে সমগ্ৰ বিশ্বত কৰ্কট ৰোগৰ প্ৰধান ৰিস্ক্‌ ফেক্টৰ হ’ল ধূমপান৷ ২০১৯ চনত বিশ্বত ২৩ প্ৰকাৰৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকসকলৰ ৰিস্ক্‌ ফেক্টৰবোৰ বিশ্লেষণ কৰি গৱেষকসকল এই সিদ্ধান্তত উপনীত হৈছে৷ ধূমপানৰ পাছতে কৰ্কট ৰোগৰ দ্বিতীয়টো প্ৰধান কাৰক হ’ল সুৰাপান আৰু তৃতীয়টো কাৰক হ’ল হাই বি এম আই৷ উল্লিখিত প্ৰধান কাৰকবোৰৰ ফলত হোৱা কৰ্কট ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ইউৰোপ, পূব এছিয়া, দক্ষিণ লেটিন আমেৰিকা আৰু পশ্চিম ইউৰোপত বেছি৷ পৰিৱেশৰ প্ৰদূষণ, অসুৰক্ষিত যৌন সম্পৰ্ক, বৃত্তিজনিত বিপদ আদিৰ কাৰণেও কৰ্কট ৰোগ হয় বুলি অধ্যয়নটোত কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here