ধুনীয়া ৰড’ডেন্দ্ৰন ফুলৰ আচৰিত উপকাৰিতা কি ? What are the strange benefits of the Rhododendron?

0
627
ৰড’ডেন্দ্ৰন (Rhododendron) ফুল দেখিবলৈ কেৱল ধুনীয়াই নহয় ইয়াৰ বহুকেইটা গুণ আৰু ব্যৱহাৰ আছে৷ বিশ্বত ৰড’ডেন্দ্ৰন (Rhododendron) ফুলৰ প্ৰায় ১২০০টা প্ৰজাতি পোৱা যায়৷ ইয়াৰে সৰ্বাধিক ৫৭১টা প্ৰজাতি চীনদেশত পোৱা যায়৷ আনহাতে ভাৰতবৰ্ষত ৰড’ডেন্দ্ৰন ফুলৰ মুঠ ৮০টা প্ৰজাতি পোৱা যায়৷ এই ফুলৰ বহুকেইটা ঔষধি গুণো আছে৷ 

জানো আহক এই ফুলৰ গুণাগুণৰ বিষয়ে–

rhododendron - Kids | Britannica Kids | Homework Help
  • ৰড’ডেন্দ্ৰন (Rhododendron) ফুলৰ গছৰপৰা একাধিক স্বাস্থ্যৰ উপকাৰ হোৱাৰ উপৰি ৰোগ প্ৰতিৰোধী ক্ষমতাও আছে৷
  • খাদ্য আৰু পানীয় উদ্যোগত এই ফুল আৰু গছৰ বহুল ব্যৱহাৰৰ সম্ভাৱনা আছে৷ ৰড’ডেন্দ্ৰন (Rhododendron) গছৰ শিপা আৰু ফুল জ্বৰ, মূৰৰ কামোৰণি, মধুমেহ, বাতবিষ আদিৰ দৰে বিভিন্ন ৰোগৰ ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়৷
  • এই ফুলৰ ৰস বিভিন্ন পানীয়ত ব্যৱহাৰ কৰা হয়৷ জনা মতে ৰড’ডেন্দ্ৰন ফুলৰ ৰস মিহলি পানীয়ৰ ঔষধি গুণ বহু বেছি৷
  • এই ফুল শুকুৱাই পাউডাৰ হিচাপেও বিভিন্ন চাট্‌নি, আচাৰ আদিৰ সৈতে মিহলি কৰা হয়৷
    আনকি এই পাউডাৰে তেঁতেলীৰ সোৱাদ অধিক টেঙা কৰাৰ দৰে কামো কৰে৷
  • ৰড’ডেন্দ্ৰন (Rhododendron) ফুলৰ পৰা ছিকিমত স্থানীয়ভাৱে ৰেড ৱাইন প্ৰস্তুত কৰাও হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here