ধুনীয়া ৰড’ডেন্দ্ৰন ফুলৰ আছে ক’ভিড প্ৰতিৰোধী গুণ

0
1470

ৰড’ডেন্দ্ৰন ফুল দেখিবলৈ কেৱল ধুনীয়াই নহয়, ইয়াৰ বহুকেইটা গুণ আৰু ব্যৱহাৰ আছে৷ বিশ্বত ৰড’ডেন্দ্ৰন ফুলৰ প্ৰায় ১২০০টা প্ৰজাতি পোৱা যায়৷ ইয়াৰে সৰ্বাধিক ৫৭১টা প্ৰজাতি চীনদেশত পোৱা যায়৷ আনহাতে ভাৰতবৰ্ষত ৰড’ডেন্দ্ৰন ফুলৰ মুঠ ৮০টা প্ৰজাতি পোৱা যায়৷ শেহতীয়াভাৱে এক তথ্যত প্ৰকাশ পোৱা মতে, ৰড’ডেন্দ্ৰন ফুলৰ পাহিত আছে কভিড-১৯ ভাইৰাছ প্ৰতিৰোধী গুণ৷ গৱেষকসকলে বিজ্ঞানসন্মতভাৱে প্ৰমাণ কৰিছে যে ৰড’ডেন্দ্ৰন ফুলৰ পাহিত কৰ’না ভাইৰাছ নাশ কৰিব পৰা গুণ আছে৷ বায়’মলিকুলাৰ ষ্ট্ৰাকচাৰ এণ্ড ডাইনেমিক্স নামৰ গৱেষণা পত্ৰিকাখনত এই খবৰ প্ৰকাশ হৈছে৷ আই আই টি মাণ্ডিৰ স্কুল অব্‌ বেছিক ছায়েন্সৰ সহযোগী অধ্যাপক শ্যাম কুমাৰ মাছাকাপালিয়ে কয় যে ৰড’ডেন্দ্ৰন ফুলৰ পাহিত থকা ৰাসায়নিক পদাৰ্থৰ কভিড ভাইৰাছ নাশ কৰিব পৰা গুণ আছে৷ আনহাতে ট্ৰেন্সলেশ্যনেল হেল্‌থ গ্ৰুপৰ বিজ্ঞানী ৰঞ্জন নন্দাই কয় যে ৰড’ডেন্দ্ৰন ফুলৰ পাহিত থক ফাইটোকেমিকেলৰ পৰা প্ৰস্তুত কৰা কভিড মেডিচিনে আশাৰ সঞ্চাৰ কৰিছে আৰু কভিডৰ বিৰুদ্ধে কৰা যুঁজত আৰু এঢাপ আগুৱাই যোৱাত সহায়ক হৈছে৷ 

ৰড’ডেন্দ্ৰন ফুলৰ আৰু কি কি গুণাগুণ আছে জানো আহক–
ৰড’ডেন্দ্ৰন ফুলৰ গছৰপৰা একাধিক স্বাস্থ্যৰ উপকাৰ হোৱাৰ উপৰি ৰোগ প্ৰতিৰোধী ক্ষমতাও আছে৷
খাদ্য আৰু পানীয় উদ্যোগত এই ফুল আৰু গছৰ বহুল ব্যৱহাৰৰ সম্ভাৱনা আছে৷ ৰড’ডেন্দ্ৰন গছৰ শিপা আৰু ফুল জ্বৰ, মূৰৰ কামোৰণি, মধুমেহ, বাতবিষ আদিৰ দৰে বিভিন্ন ৰোগৰ ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়৷
এই ফুলৰ ৰস বিভিন্ন পানীয়ত ব্যৱহাৰ কৰা হয়৷ জনা মতে ৰড’ডেন্দ্ৰন ফুলৰ ৰস মিহলি পানীয়ৰ ঔষধি গুণ বহু বেছি৷ এই ফুল শুকুৱাই পাউডাৰ হিচাপেও বিভিন্ন চাট্‌নি, আচাৰ আদিৰ সৈতে মিহলি কৰা হয়৷ আনকি এই পাউডাৰে তেঁতেলীৰ সোৱাদ অধিক টেঙা কৰাৰ দৰে কামো কৰে৷ ৰড’ডেন্দ্ৰন ফুলৰ পৰা ছিকিমত স্থানীয়ভাৱে ৰেড ৱাইন প্ৰস্তুত কৰাও হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here