ধান খেতিৰ সমন্বয়ত মোৱা মাছ পালন

0
926

মৰিগাঁও জিলা মীন বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি থকা বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত ‘অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প’ (এপাৰ্ট)ৰ অধীনত ধান খেতিৰ সমন্বয়ত মীন পালন আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত মোৱা মাছ ধাননি পথাৰত মেলি দিয়া আঁচনিখনৰ শুভাৰম্ভ কৰা হয়৷ মৰিগাঁও জিলা মীন উন্নয়ন বিষয়া ভাস্কৰ জ্যোতি নাথৰ নেতৃত্বত জিলাখনৰ এপাৰ্ট টীমৰ দ্বাৰা এই বিশেষ প্ৰশিক্ষণ মৈৰাবাৰী উন্নয়ন খণ্ডত আয়োজন কৰা হয় আৰু অঞ্চলটোৰ প্ৰায় পঞ্চাশজন মীনপালকে অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে ধাননি পথাৰত বিশেষ ব্যৱস্থা কৰি কমন কাৰ্প, ভাঙোন, মিৰিকা আদি মাছ পালন কৰি অহা হৈছিল যদিও এই বছৰৰ পৰা অধিক উৎপাদনক্ষম মাছ যেনে জয়ন্তী ৰৌ, আমূৰ কাৰ্প আৰু সৰু মাছ যেনে মোৱা মাছ পালনৰ ব্যৱস্থা কৰা হৈছে৷ এই বিশেষ প্ৰশিক্ষণকালত উপস্থিত থাকি বিশ্ব বেংকৰ আঁচনিখনৰ মীন সমন্বয়ক ড॰ সঞ্জয় শৰ্মাই মোৱা মাছত যথেষ্ট পৰিমাণৰ কেলচিয়াম, আইৰন আৰু ভিটামিন-এ থকাৰ কথা ব্যক্ত কৰি এইবোৰ মাছ গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে যে অধিক উপযোগী সেই সংক্ৰান্তত বিস্তৃত তথ্য আগবঢ়ায়৷ মৰিগাঁও জিলা মীন বিভাগৰ এপাৰ্টৰ নডেল বিষয়া আনোৱাৰ হুছেইন খান, মীন কাৰিকৰী পৰামৰ্শদাতা ক্ৰমে আবু চুভান আৰু ৰোহিণী কুমাৰ নাথে প্ৰশিক্ষাৰ্থীসকলক ক্ষেত্ৰভিত্তিক পৰামৰ্শ আগবঢ়ায়৷ এনে প্ৰচেষ্টাত জিলাখনত সৰু মাছৰ উৎপাদন আৰু ইয়াৰ সেৱনৰ প্ৰতি ৰাইজৰ মাজত সজাগতা বৃদ্ধি পাব বুলি আশা কৰিব পাৰি বুলি একাংশ লোকে মন্তব্য কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here