দ্ৰুতভাৱে ওজন হ্ৰাস কৰিবলৈএইকেইবিধ নিয়মিতভাৱে খাওক

0
1003

      প্ৰায়ভাগ লোকৰে ক্ষেত্ৰত শৰীৰৰ ওজন বৃদ্ধি সমস্যাই ভয়াৱহভাৱে দেখা দিছে৷ কৰ্মবিমুখতা, এলাহ, আৰামপ্ৰিয় জীৱন-যাপন, খাদ্যাভ্যাস, শাৰীৰিক শ্ৰমহীন শৰীৰ আদি বিভিন্ন কাৰণত শৰীৰৰ ওজন বৃদ্ধি হয়৷ ওজন বৃদ্ধিৰ ফলস্বৰূপে ডায়েবেটিছ, উচ্ছ ৰক্তচাপ, থাইৰয়েডৰ সমস্যা, হাৰ্টৰ সমস্যা আদি নানান শাৰীৰিক সমস্যাই দেখা দিয়ে৷ সেয়েহে শৰীৰৰ ওজনৰ ভাৰসাম্য বজাই ৰাখিবলৈ নিতৌ এইকেইবিধ সেৱন কৰিব পাৰে৷ কঠোৰ ডায়েট বা ব্যায়াম কৰাৰ ফলতো ওজন হ্ৰাস হোৱা নাই৷ এই ক্ষেত্ৰত ওজন হ্ৰাসৰ বাবে ঘৰুৱাভাৱে এই ব্যৱস্থা ল’ব পাৰে৷ তাৰ বাবে হালধিৰ গুৰি কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ হালধিত থকা এণ্টি ইনফ্লেমেটৰি বৈশিষ্ট্যই শৰীৰক পুষ্টি যোগায়৷ হালধিত পোৱা কাৰ্কিউমিনে শৰীৰত চৰ্বি তৈয়াৰ কৰাত বাধা দিয়ে৷ সেয়েহে হালধিৰ গুৰি পানীত মিহলাই সেৱন কৰিলে শৰীৰত চৰ্বিত দহন হয় আৰু ওজন হ্ৰাস পায়৷
আয়ুৰ্বেদ মতে শৰীৰৰ ওজন কমোৱাত ত্ৰিফলা অত্যন্ত কাৰ্যকৰী৷ ত্ৰিফলাত ফ্লেভোনয়েড, পলিফেনল, চাপোনিন আদিৰ দৰে উপাদান থাকে, যিয়ে মেটাবলিজম বঢ়াই হজম প্ৰক্ৰিয়া উন্নত কৰে৷ ত্ৰিফলা খালে পেট দ্ৰুতভাৱে পৰিষ্কাৰ হয় তথা কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা উপশম পায়৷
পুৱা খালী পেটত জিৰা তিয়াই থোৱা পানী সেৱন কৰিলে মেদ বা ফেট যথেষ্ট কমে৷ জিৰাত ভিটামিন-চি, ভিটামিন-কে, ভিটামিন-বিৰ, ভিটামিন-বি২, ভিটামিন-ব্বি, ভিটামিন-ই, প্ৰ’টিন, কেলচিয়াম, মেগনেচিয়াম, পটাচিয়াম, জিংক, কপাৰ, আইৰন, কাৰ্বহাইড্ৰেট আদি পোৱা যায়৷ এইবোৰ উপাদানে ফেট বাৰ্ন কৰাত সহায় কৰে৷ 
ডালচেনিয়ে শৰীৰৰ মেটাবলিজম বঢ়োৱাত সহায় কৰে৷ নিয়মিতভাৱে ডালচেনি খালে পেটত জমা হোৱা চৰ্বি কমি যায়৷ ডালচেনিয়ে পৰিপাকতন্ত্ৰ ঠিক কৰে তথা ওজন নিয়ন্ত্ৰণত সহায় কৰে৷
লঙত থকা পাইপেৰিন মানৰ যৌগবিধে শৰীৰক চৰ্বি বৃদ্ধি হোৱাত বাধা দিয়ে৷ আনহাতে লঙত কেলৰি খুব কম পৰিমাণে পোৱা যায়৷ লঙে শৰীৰত ভাল কলেষ্টৰেলৰ মাত্ৰা বঢ়াই দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here