দৈৰ সৈতে কিচমিচ খালে কি হ’ব পাৰে ?

0
336

দৈ আৰু কিচমিচ একেলগে খালে আপোনাৰ শৰীৰত কি ঘটিব পাৰে? এই প্ৰসংগত অলপ জনাব বিচাৰিছোঁ৷ দৈ আৰু কিচমিচ– এই দুয়োটা উপাদানে নানা পুষ্টিগুণেৰে সমৃদ্ধ৷ পুষ্টিগুণেৰে ভৰা এই দুয়োবিধ খাদ্য একেলগে গ্ৰহণ কৰিলে ছুপাৰ ফু.ত পৰিণত হয়৷ যিয়ে শৰীৰ সুস্থ ৰখাৰ লগতে শৰীৰৰ বিভিন্ন সমস্যা সমাধান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ দৈ আৰু কিচমিচ স্বাস্থ্যৰ পক্ষে কিয় উপকাৰী জানো আহক৷
মহিলাৰ মাহহেকীৰ সময়ত হোৱা বিষ-বেদনাদিৰ কাৰণে দৈ আৰু কিচমিচ একেলগে খালে সুফল পোৱা যায়৷ ইয়াৰ লগতে প্ৰিমেন্সট্ৰ³য়াৰ ছিণ্ড্ৰমৰ মোকাবিলাত এই মিশ্ৰণে সহায় কৰে৷
বিশেষজ্ঞৰ মতে দৈ আৰু কিচমিচ একেলগে খালে চলিৰ সমস্যা বহুখিনি সমাধা হয়৷ চুলি মিহি–মসৃণ আৰু উজ্জ্বল কৰি ৰাখিবলৈ দৈৰ লগত কিচমিচ খোৱাটো ভাল৷
দৈ আৰু কিচমিচে শৰীৰৰ বেয়া বেক্টেৰিয়া বাহিৰ কৰি দিয়াত সহায় কৰে৷ অন্ত্ৰৰ সমস্যা, পেট ফুলা আদি নোহোৱা কৰে এই মিশ্ৰণে৷ কাৰণ দৈয়ে প্ৰ’বায়টিক হিচাপে কাম কৰে লগতে কিচমিচৰ প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায় বাবে ইয়ো প্ৰ’বায়টিক হিচাপে কাম কৰে৷
দৈ আৰু কিচমিচত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে৷ যিয়ে হাড় মজবুত কৰাত সহায় কৰে৷ ইয়াৰ লগতে হাড়ৰ ঘনত্ব বৃদ্ধি কৰিবলৈ দৈ আৰু কিচমিচ একেলগে খাব পাৰে৷
এটা বাটিত অলপ দৈ লৈ ইয়াৰ লগত কেইটামান কিচমিচ মিহলাই অলপ গৰম কৰি সেৱন কৰিলে চুলি সৰা সমস্যা, চুলিৰ ৰুক্ষতা আদি দূৰ হোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here