দৈনিক এটাকৈ আমলখি খালে কি হয় আচৰিত লাভ

0
378

আমলখিৰ বীজত ফছফটাইড পোৱা যায়। কেঁচা আমলখি শীতলকাৰক, শক্তিকাৰক, চৰ্মৰোগনাশক আৰু ৰোধক, মূত্ৰকাৰক ।
আমলখি জ্বৰনাশক, বমনৰোধী, অজীৰ্ণতা, কোষ্ঠকাঠিন্য, কৃমি, পেটৰ বিষ, গ্ৰহণী, ৰক্তক্ষৰণ আদি অনেক ৰোগ আৰু স্বাস্থ্য ৰক্ষাত উপকাৰী।
আমলখি হাপানী(BRONCHITIS) ৰোগ নিয়ন্ত্ৰণত সহায় কৰে । আমলখিৰ শিপাৰ ৰস দৈনিক ৪ চামুচকৈ ব্যৱহাৰ কৰিলে হাপানী ৰোগ ভাল পোৱা যায় । হৃদয়ৰোগত (HEART DISEASE) আমলখিৰ ৰস ২ চামুচ,২৫০ মি:লি: গৰুৰ গাখীৰৰ সৈতে মিহলাই খালে হৃদৰোগ ভাল পোৱা যায়।
উচ্চ ৰক্তচাপত আমলখি ৭/৮টা খুন্দি মিচিৰিৰ সৈতে খালে ৰক্তচাপ স্বাভাৱিক হয়। ছাল শোতোৰা পৰা- কেঁচা আমলখি ৮/১০টা বটি গা, মূৰ, হাত, ভৰি আদিত ঘঁহি আমলখিৰ ৰসেৰে গা ধুলে সুফল পোৱা যায় ৷ এনেদৰে ৩০ দিন কৰিব লাগে।অৰুচি (LOSS OF APPETITE)ত আমলখিৰ ৰস পুৱা খালে অৰুচি দূৰ হয় ।
অম্লশালত (ACIDITY) আমলখিৰ ৰসৰ লগত মৌ মিহলায় খালে আৰোগ্য পোৱা যায় ।
গ্ৰহণী (DYSENTERY) আমলখিৰ পাতৰ ৰস ১০০ মি.লি. লৈ ১ চামুচ মৌজোলৰ লগত আধা কাপ ছাগলীৰ গাখীৰ খালে গ্ৰহণী ৰোগ ভাল হয় ।
চুলি পকিলে আমলখি ৪/৫টা পিচি লৈ মূৰত ভৰণ দিলে চুলি ক’লা হয় । ৩০ দিন ব্যৱহাৰ কৰিব লাগে ।
পেটচলা বা DIARHOEA হ’লে ৫টা শুকান আমলখি পিচি গুড়া কৰি তাত ক’লা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে পেটচলা ৰোগ ভাল হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here