দেশৰ সৰ্বাধিক প্ৰদূষিতচহৰত অসমৰ পাঁচখন সন্নিৱিষ্ট

0
324


ভাৰতবৰ্ষৰ ১৩১খন প্ৰদূষিত চহৰৰ ভিতৰত অসমৰ ৫খন চহৰে স্থান লাভ কৰিছে৷ ৰাজ্যখনৰ এই পাঁচখন নগৰ হ’ল ক্ৰমে গুৱাহাটী, নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শিলচৰ৷ অসম বিধানসভাত জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই এই তথ্য সদৰী কৰে৷ অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দৃষ্টি আকৰ্ষণ কৰা প্ৰদূষণ সম্পৰ্কীয় এটা বিষয়ৰ ওপৰত উত্তৰ দি মন্ত্ৰী মহন্তই কয় যে বায়ুৰ গুণগত সূচক এই নগৰবোৰত কম৷ এই পাঁচখন নগৰৰ ভিতৰত গুৱাহাটী আৰু নগাঁৱত প্ৰদূষণৰ পৰিমাণ অধিক বুলি তেওঁ তথ্য দাঙি ধৰে৷ তেওঁ লগতে কয় যে বায়ুৰ গুণগত সূচক ০ৰপৰা ৫০ থাকিব লাগে৷ কিন্তু যোৱা ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ বায়ুৰ গুণগত সূচক আছিল ১৬০ ৰ পৰা ২৫৯৷ অ’জন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, ছালফাৰ ডাই অক্সাইড, সীহ, এমনিয়াৰ উপস্থিতিৰ ফলত বায়ুৰ মান হ্ৰাস পোৱা বুলিও তেওঁ সদৰী কৰে৷ জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা বাতাৱৰণ বিনষ্ট কৰা বুলি প্ৰকৃতিক ৰক্ষা নকৰিলে প্ৰকৃতিয়েও এতিয়া কাকো ৰক্ষা নকৰে বুলি মন্তব্য কৰে৷ ইয়াৰ সমান্তৰালভাৱে পৰিৱেশ সুস্থ কৰি ৰখা, প্ৰদূষণ হ্ৰাস কৰা আদি বিষয়বোৰৰ ওপৰত গুৰুত্ব দিবৰ বাবে আগন্তুক বাজেটত বিশেষ ব্যৱস্থা থাকিব বুলিও মন্ত্ৰীজনে জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here