দেশৰ মাংকি পক্সত প্ৰথমজন ৰোগীৰ মৃত্যু

0
264

কেৰালাৰ ত্ৰিশূৰত যোৱা ৩১ জুলাইত দেশৰ প্ৰথমগৰাকী মাংকি পক্সত আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয়৷ যুৱকৰ নমুনা আন এখন দেশত পৰীক্ষা কৰোঁতে মাংকিপক্স পজিটিভ পোৱা গৈছিল৷ কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে এই কথা জনায়৷ ভাৰতত মাংকি পক্সত মৃত্যু হোৱা এয়ে প্ৰথম আৰু আফ্ৰিকাৰ বাহিৰত চতুৰ্থ৷ ত্ৰিশূৰৰ পুন্নিয়ুৰৰ বাসিন্দা, ২২ বছৰীয়া যুৱকজনৰ ইউ এ ইৰ পৰা ঘূৰি অহাৰ কেইদিনমানৰ পাছতে এখন বেচৰকাৰী চিকিৎসালয়ত মৃত্যু হয়৷ 
তাৰ পাছত স্বাস্থ্য বিভাগে তেওঁৰ নমুনা আলাপ্পুঝাত থকা নেশ্যনেল ইনষ্টিটিউট অব্‌ ভাইৰলজিৰ কেৰালা গোটলৈ প্ৰেৰণ কৰে৷ জৰ্জে কয় যে বিদেশত কৰা এটা পৰীক্ষাত যুৱকজনৰ মাংকি পক্সৰ সংক্ৰমণ হোৱা ধৰা পৰিছিল৷ তেওঁ কয় যে যুৱকজনৰ মৃত্যু সন্দৰ্ভত এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰোৱা হ’ব৷ আনহাতে মাদ্ৰিদৰ পৰা পোৱা বাতৰি মতে, স্পেইনত কালি দ্বিতীয়জন মাংকি পক্স ৰোগীৰ মৃত্যু হয়৷ মাত্ৰ এদিনৰ আগতেদেশখনত প্ৰথমজন মাংকি পক্স ৰোগীৰ মৃত্যু হৈছিল৷মৃত্যু হোৱাজনক ধৰি এই ৰোগত ইউৰোপত মৃত্যু হোৱা লোকৰ সংখ্যা দুজন হ’ল৷ স্পেইনত এই ৰোগত এতিয়ালৈকে ৩৭৫০জন লোক আক্ৰান্ত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here