দেশৰ ব্যক্তিগত খণ্ডৰ প্ৰথমটো ৰকেটৰ সফল উৎক্ষেপণ

0
953

ব্যক্তিগত খণ্ডত নিৰ্মাণ কৰা ভাৰতৰ প্ৰথম ৰকেট বিক্ৰম-এছৰ চেন্নাইৰ পৰা ১১৫ কিল’মিটাৰ আঁতৰত অৱস্থিত শ্ৰীহৰিকোট্টাৰ মহাকাশ বন্দৰৰ পৰা সফল উৎক্ষেপণ হয়৷ ৰাষ্ট্ৰ নিয়ন্ত্ৰিত ইছৰ’ৱে দশক দশক জুৰি মহাকাশ উদে্যাগত আধিপত্য চলাই থকাৰ পাছত বিক্ৰম-এছৰ উৎক্ষেপণে ব্যক্তিগত খণ্ডৰ অভিযান আৰম্ভৰ বাতৰি দিলে৷ ইছৰ’ৱে  কয় যে প্ৰাৰম্ভ অভিযান সফলভাৱে সম্পন্ন হ’ল৷ অভিনন্দন৷ এই ঐতিহাসিক উৎক্ষেপণ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে এই ৰকেট উৎক্ষেপণ হৈছে ভাৰতীয় ষ্টাৰ্টআপৰ কেঁকুৰি৷ ইছৰ’ আৰু ইন-স্পে’চৰ [ইণ্ডিয়ান নেশ্যনেল স্পে’চ প্ৰমোশ্যন এণ্ড অথৰাইজেশ্যন] সহযোগত ‘প্ৰাৰম্ভ অভিযান’ আৰু বিক্ৰম-এছৰ বিকাশ ঘটাইছে হায়দৰাবাদস্থিত এটা ষ্টাৰ্টআপ স্কাইৰুট এৰ’স্পেচে৷ ৰকেটটোৱে অন্ধ্ৰপ্ৰদেশস্থিত এন স্পে’চ টেক ইণ্ডিয়া, চেন্নাইস্থিত ষ্টাৰ্টআপ স্পে’চ কিডছ আৰু আৰ্মেনিয়াৰ বেজুমকিউ স্পে’চ ৰিছাৰ্চ লেব নিৰ্মিত তিনিটা ক্ষেপণভৰ [পে’ল’ড] কঢি.য়াই নিয়ে৷ স্কাইৰুট এৰ’স্পে’চৰ সহঃ প্ৰতিষ্ঠাপক পৱন কুমাৰ চন্দনাই কয় যে ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট উৎক্ষেপণ কৰি আমি ইতিহাস সৃষ্টি কৰিলোঁ৷ ই হৈছে নতুন ভাৰতৰ প্ৰতীক আৰু এক মহান ইতিহাসৰ আৰম্ভণি৷ উৎক্ষেপণৰ পাছত বিক্ৰম-এছ ৮৯.৫ কিল’মিটাৰ উচ্ছতালৈ উঠে৷ অভিলেখ সৃষ্টিকাৰী দুবছৰত ২০০ অভিযন্তাই বিক্ৰম-এছ নিৰ্মাণ কৰিছিল৷ ছয় মিটাৰ দীঘল বিক্ৰম-এছৰ ওজন হৈছে ৫৪৫ কিল’গ্ৰাম৷ ইয়াৰ ব্যাস হৈছে ৯.৩৭৫ মিটাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here